ধেমাজি জিলাৰ তিনিটা বিধান সভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

ধেমাজি,চিচিবৰগাঁও আৰু জোনাইকে ধৰি তিনিটা বিধান সভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ধেমাজিঃ  ধেমাজি,চিচিবৰগাঁও আৰু জোনাইকে ধৰি তিনিটা বিধান সভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। ধেমাজি জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰে সংবাদমেলৰ জড়িয়তে এই তালিকা প্ৰকাশ কৰে। 

WhatsApp Image 2026-02-10 at 3.41.36 PM

জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা সংবাদমেলত জিলা আয়ুক্ত গৰাকীয়ে কয় যে- চলিত বৰ্ষৰ ১ জানুৱাৰী পৰা অনুষ্ঠিত হোৱা বিশেষ নিৰ্বাচনী পুনৰীক্ষণৰ জৰিয়তে এইবাৰ পূৰ্বতকৈ তিনিটা সমষ্টিতে মুঠ ৫২৫০ টা ভোটৰ সংখ্যা বৃদ্ধি পাইছে ৷ ৭৮ নং ধেমাজি বিধান সভাৰ সমষ্টিৰ ২২৬ টা ভোট কেন্দ্ৰৰ বাবে মুঠ ভোটৰ সংখ্যা হৈছে ১৭৮,৩ ১৯ গৰাকী , নতুন ৭৯ নং চিচিবৰগাঁও বিধান সভা সমষ্টিৰ ২৩০ টা ভোট কেন্দ্ৰৰ বাবে মুঠ ভোটৰ সংখ্যা হৈছে ১৮১,৪৮৩ গৰাকী আৰু ৮০ নং জোনাই বিধানসভা সমষ্টিৰ ২৮২ টা  ভোট কেন্দ্ৰৰ বাবে মুঠ ভোটাৰ সংখ্যা হৈছে ২২২,০৪৬ গৰাকী ৷ ইয়াকে লৈ জিলাখনৰ তিনি সমষ্টিৰ মুঠ ৭৩৮ টা ভোট কেন্দ্ৰৰ এইবাৰ মুঠ ভোটৰ সংখ্যা  হৈছে ৫৮১৮৪৮ গৰাকী ৷ ইয়াৰে জিলাখনত তিনিটাসমষ্টিতে পুৰুষ ভোটাৰ সংখ্যা ২৯০৮৯৩ আৰু মহিলা ভোটাৰ সংখ্যা ২৯০৯৫৫ গৰাকী ৷

ধেমাজি