/asomiyapratidin/media/media_files/2026/02/14/3-2026-02-14-22-41-47.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ চেন্নাই এ'পলো হস্পিতালত চিকিৎসকৰ ভুল চিকিৎসা বাবেই ধেমাজি উচ্চতৰ মাধ্যিমক বিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী শিক্ষক পুলিন দিহিঙ্গীয়াৰ দেহাৱসান ঘটে । উল্লেখ্য যে, আৰম্ভণিতে দিহিঙ্গীয়াৰ সঘনাই পেটৰ বিষ হৈ থকা বাবেই পৰিয়ালে অন্য জটিল অসুখ হোৱা বুলি সন্দেহ কৰি উন্নত চিকিৎসাৰ বাবে বিগত বৰ্ষৰ ১২ আগষ্টত চেন্নাই এ'পলো হস্পিতালত চিকিৎসা কৰাইছিল ৷ চিকিৎসকে পৰীক্ষা কৰাৰ অন্তত দিহিঙ্গীয়াৰ পেটত গলব্লাডাৰ হোৱা বুলি জনোৱাৰ পাছত পৰৱৰ্তী সময়ত চিকিৎসকে গলব্লাডাৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/14/whatsapp-image-2026-02-14-22-42-04.jpeg)
ইপিনে অস্ত্ৰোপচাৰ পাছত আৰোগ্যনোহোৱাত পুনৰ এপ'ল হস্পিতালৰ আৰু আন অস্ত্ৰোপচাৰ কৰিব লাগিব ইয়াৰ বাবে ৮ লাখ টকা দৰকাৰ হ'ব বুলি চিকিৎসক ডাঃ টি.জি বালা চন্দনে কোৱা পাছতেই বিষয়টোৰ প্ৰতি পৰিয়ালৰ সন্দেহ হয় ৷ ততাতৈয়াকৈ সেই চিকিৎসালয়ৰ পৰা দিল্লীৰ আন চিকিৎসালয়ত ৰোগী দিহিঙ্গীয়াক ভৰ্তি কৰোৱাৰ পাছতে হে এপ'ল চিকিৎসালয়ত হোৱা গ'লব্লাডা ভুল চিকিৎসাৰ সম্পৰ্কে পুত্ৰ ভাস্কৰজ্যোতি দিহিঙ্গীয়াই অৱগত হয় ৷ চিকিৎসৰ সৈতে চিকিৎসাৰ বিষয়ে আলোচনা কৰে যদিও ভূল চিকিৎসাৰ বাবে লিভাৰৰ সমস্যা আহি পৰাত চিকিৎসকে লিভাৰ চিকিৎসকৰ সৈতে আলোচনা কৰিবলৈ কোৱাত পুনৰ ততাতৈয়াকৈ কলকাতাৰ মকুণ্ডপুৰ আৰ. এন টেগৰ হস্পিতালত দিহিঙ্গীয়াক ভৰ্তি কৰিবলগীয়া হয় ৷
চিকিৎসালয়ত চিকিৎসাৰ অন্তত সম্পূৰ্ণভাৱে সুস্থ হোৱা বাবে যোৱা ১১ ফেব্ৰুৱাৰীত কলকাতাৰ পৰা ধেমাজি আহি পোৱা পিছ দিনাই হঠাৎ জ্বৰ হৈ যোৱা বাবে দিহিঙ্গীয়াক পুনৰ ১২ ফেব্ৰুৱাৰীত ততাতৈয়াকৈ ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমত ভৰ্তিকৰে ৷ অতি দুখৰ খৱৰ যে চিকিৎসাধীন অৱস্থাতেই শুক্ৰবাৰে ৰাতি ৮ বজাত শিক্ষক দিহিঙ্গীয়াৰ মৃত্যু হয় ৷ ১৯৬৬ চনৰ ১ ছেপ্তেম্বৰত বঙ্গালমাৰী গাঁৱত জন্ম গ্ৰহণ কৰা দিহিঙ্গীয়াই ১৯ ৮৩ চনত ধেমাজি বয়জ হাইস্কুল বৰ্তমান ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈছিল ৷ পৰৱৰ্তী সময়ত স্নাতক ডিগ্ৰীৰ পিছত ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়তে চাকৰি জীৱন আৰম্ভ কৰিছিল ৷ স্পষ্টবাদী , সহজ, সৰল জ্যেষ্ঠ শিক্ষক পুলিন দিহিঙ্গীয়াৰ মৃত্যুৰ খৱৰে ধেমাজিত শোকৰ ছাঁ পেলাইছে ৷ দিহিঙ্গীয়াৰ মৃতদেহ ডিব্ৰুগড়ৰ পৰা ধেমাজি আহি পোৱাৰ পাছত এক শোকাকুল পৰিস্থিতিৰ সৃষ্টি হয় ৷ পুৱা ৯ বজাত তেওঁ শিক্ষকতা কৰা ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰলৈ তেওঁৰ নশ্বৰদেহ নি বিদ্যালয়খনৰ অধ্যক্ষ , শিক্ষক-শিক্ষয়ত্ৰী , ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে শেষ শ্ৰদ্ধাৰ জনোৱাৰ পাছত দুপৰীয়া জন্মস্থান বঙ্গালমাৰী গাঁৱত নশ্বৰদেহ সৎকাৰ কৰে ৷
ইফালে শিক্ষকজনৰ মৃত্যুত বিদ্যালয়খনৰ এক অপুৰনীয় ক্ষতি হ'ল বুলি বিদ্যালয়খনৰ অধ্যক্ষ কৰ্ন্দপ তামুলীয়ে উল্লেখ কৰে ৷ অৱসৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ লক্ষ্য সন্দিকৈ , ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ , বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দ্বয় ভৱেন বৰা , দেৱজ্যোতি কছাৰী, ধেমাজি প্ৰেছ ক্লাবৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা আদি বিভিন্ন ব্যক্তি আৰু দল সংগঠনে শিক্ষকজনৰ মৃত্যুত দুখ প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্ষলৈ সমবেদনা জ্ঞাপন কৰে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us