/asomiyapratidin/media/media_files/2024/11/29/hd7lNQ400jMbMygwYamE.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লগতে বাল্য বিবাহ মুক্ত ভাৰত গঢ়াৰ লক্ষ্য উদ্দেশ্যেৰে বৃহস্পতিবাৰে ধেমাজি প্ৰেছ ক্লাৱত আশা দৰ্শন ট্ৰাষ্ট স্বেচ্ছাসেৱী সংস্থাই “বাল্য বিবাহ মুক্ত ভাৰত ” শীৰ্ষক এখনি সজাগতামূলক সভাৰ লগতে সংবাদমেল সম্বোধন কৰে। এই দুয়োটা অনুষ্ঠানতে সংস্থাতোৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।
আশা দৰ্শন ট্ৰাষ্টৰ সঞ্চালিকা বিজু বৰবৰুৱাই আঁত ধৰা এই অনুষ্ঠানত তেওঁ ধেমাজি জিলাখনক বাল্য বিবাহ মুক্ত জিলা হিচাপে গঢ়ি তোলাৰ বাবে প্ৰয়াস কৰা হৈছে বুলি জানিবলৈ দিয়ে। বক্তব্যত তেওঁ বাল্য বিবাহক সামাজিক ব্যাধি বুলি অভিহিত কৰি কেৱল কন্যা শিশুকেই নহয় সমগ্ৰ সমাজকে এই ব্যাধিয়ে গুৰুতৰভাৱে প্ৰভাৱিত কৰিছে ৷
আশা দৰ্শনে বাল্য বিবাহৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰা উপৰিও বাল্য বিবাহ প্ৰচাৰ আৰু সুবিধা প্ৰদান কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি অবগত কৰে ৷ ইতিমধ্যে জিলাখনৰ ধেমাজি আৰু বৰদলনি দুটা ব্লকত মুঠ
৫০ খন গাঁৱত এই বাল্য বিবাহ দূৰীকৰনৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰা হৈছে ৷
বিশেষভাৱে যিবোৰ ঠাইত চৰকাৰৰ আচঁনি অথবা কোনো চৰকাৰী বিষয়া কৰ্মচাৰী নাযায় তেনে অতি পিছপৰা, ভিতৰুৱা ঠাইত আশা দৰ্শনে বাল্য বিবাহৰ বিৰুদ্ধে আৰু ৰাইজৰ স্বাৱলম্বিতাৰ বিষয়ে
সজাগ কৰি যাব বুলি উল্লেখ কৰে৷
সংবাদমেলত ধেমাজি জিলা শিশু সুৰক্ষা বিভাগৰ ব্যৱস্হাপক গৌৰৱ গগৈ উপস্থিত থাকি বাল্য বিবাহ বিৰুদ্ধে লোৱা ব্যৱস্হাৱলী আৰু শিশু সুৰক্ষাৰ দিশত ল'ব লগা নীতি নিৰ্দেশনা সম্পৰ্কে বুজাই কয় ৷ তেওঁ এই সম্পৰ্কে ৰাইজৰ কিবা জনাবলগীয়া থাকিলে শিশু সুৰক্ষা ১০৯৮ নম্বৰৰ জৰিয়তে জনাব পাৰিব বুলি কয় ৷
এই বিষয়ে বিভাগে সম্পূৰ্ণ গোপনীয়তা ৰক্ষা কৰিব বুলি জানিবলৈ দিয়ে। ইফালে আশা দৰ্শন ট্ৰাষ্টৰ হৈ ভূপেন কুমাৰ নাথে বাল্য বিবাহৰ কুপ্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টি কৰি ছোৱালীবোৰৰ মাজত শিক্ষাৰ বাধ্যবাধকতা
প্ৰয়োজনীয়তা সম্পৰ্কে প্ৰচাৰৰ বাবে আশা দৰ্শনে লোৱা প্ৰচেষ্টাৰ কথা ব্যক্ত কৰে ৷
ধেমাজি জিলাখনত বাল্য বিবাহ মুক্ত কৰা উদ্দেশ্যে ইতিমধ্যে ধেমাজি জিলা প্ৰশাসন আৰু অন্যান্য অংশীদাৰসকলৰ সহযোগিতা পোৱাৰ লগতে
গাওঁসমূহত ২১ বছৰৰ তলৰ ল'ৰা-ছোৱালীবোৰক তেওঁলোকৰ সাংবিধানিক
অধিকাৰৰ ওপৰত অধিক সচেতন কৰাৰ উপৰিও গাঁৱে-গাঁৱে ৰাইনো, চুপাৰ ৰাইনো ক্লাৱ গঠনৰ পোষকতা কৰি বিভিন্ন খেল-ধেমালিৰে শিশুসকলক ব্যস্ত ৰাখি শিশু অধিকাৰ আৰু এটা ভাল পৰিৱেশ দিয়াত গুৰুত্ব আৰোপ কৰাৰ বিষয়ে অবগত কৰে ৷
সংবাদমেলত আশা দৰ্শন ট্ৰাষ্টৰ জিলা সমন্বয়ক বিপুল কুমাৰ ডেকা, ফিল্ড সমন্বয়ক ক্ৰমে দিপালী মাহাতো,ৰবীন মাহাতো,অদিত সোণোৱালৰ
লগতে গৌতম শইকীয়া আৰু কৰ্মকতা ৰশ্মি সোণোৱালো উপস্থিত থাকে ৷