এইবাৰ ভাৰতৰ পৰা অস্কাৰৰ দৌৰত কোন?

চলিত বৰ্ষৰ অক্সাৰ বঁটা ১২ মাৰ্চত ঘোষণা হ’ব। অস্কাৰ ২০২৩ সমাৰোহ লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত নিশা ৮ বজাত অনুষ্ঠিত হ'ব

author-image
Asomiya Pratidin
New Update
এইবাৰ ভাৰতৰ পৰা অস্কাৰৰ দৌৰত কোন?

ডিজিটেল ডেস্কঃ চলচিত্ৰপ্ৰেমীক শিহৰিত কৰি তুলা নামেই অস্কাৰ।বিশ্বৰ চলচিত্ৰ জগতৰ এক সৰ্বোচ্চ বঁটা। এই বঁটা বহু কেইটা শিতানত প্ৰতিবছৰে প্ৰদান কৰা হ’য়।

Advertisment

প্ৰতিবৰ্ষৰ বিশ্বৰ সর্বশ্ৰেষ্ঠ চলচ্চিত্ৰ, পৰিচালক, সংগীত, অভিনেতা, অভিনেত্ৰী, তথ্যচিত্ৰ, কাহিনী, চিনেমাট'গ্ৰাফী, কলা-নির্দেশনা, সম্পাদনা, স্পেচিয়েল এফেক্টছ, ৰুপসজ্জা, সাজসজ্জা, প্ৰযুক্তিগত অৰিহণা আদি বহুকেইটা শিতানত অস্কাৰ বঁটা প্ৰদান কৰি আহিছে। এই বঁটা একাডেমী অব্ ম'চন পিকচাৰ আর্টছ এণ্ড ছায়েন্সছ' -এ (Academy of Motion Picture Arts & Sciences) প্ৰদান কৰি আহিছে।

চলিত বৰ্ষৰ অক্সাৰ বঁটা ১২ মাৰ্চত ঘোষণা হ’ব। অস্কাৰ ২০২৩ সমাৰোহ লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত নিশা ৮ বজাত অনুষ্ঠিত হ'ব। উল্লেখ্য যে, এইবাৰ অস্কাৰৰ বাবে তিনিখনকৈ ছবি চৰ্টলিষ্টটেট কৰা হৈছে৷ RRRৰ নাটু নাটু ট্ৰেকৰ বাবে শ্ৰেষ্ট মৈলিক গীতৰ শাখাত নিৰ্বাচিত হৈছে৷

এই অনুস্থানত নাটু নাটু শাৰ্ষক গীতটিক মূল গীতৰ বাবে বাচনি কৰা হৈছে৷ লগতে "অল দ্যাট ব্ৰেথছ" ফিচাৰ্চ ফিল্ম আৰু ডকুমেণ্টৰী শ্বৰ্টৰ বাবে "দ্য এলিফেণ্ট হুইচপাৰছ" অস্কাৰৰ দৌৰত আছে৷ প্ৰথমবাৰৰ বাবে ভাৰতত নিৰ্মিত প্ৰযোজনাসমূহে ইমান বোৰ মনোনয়ন অৰ্জন কৰিছে।

Also Read: মাতৃহাৰা হ’ল অভিনেত্ৰী মাধুৰী দীক্ষিত

#Oscer2023 #Indiannomiationoscer #RRR