মাতৃহাৰা হ’ল অভিনেত্ৰী মাধুৰী দীক্ষিত

দেওবাৰে পুৱাই অভিনেত্ৰী মাধুৰী দীক্ষিতৰ বাবে আহিল এটি বেয়া খবৰ। বলিউডৰ অভিনেত্ৰী মাধুৰী দীক্ষিত হ’ল মাতৃহাৰ।

author-image
Asomiya Pratidin
New Update
মাতৃহাৰা হ’ল অভিনেত্ৰী মাধুৰী দীক্ষিত

ডিজিটেল ডেস্কঃ দেওবাৰে পুৱাই অভিনেত্ৰী মাধুৰী দীক্ষিতৰ বাবে আহিল এটি বেয়া খবৰ। বলিউডৰ অভিনেত্ৰী মাধুৰী দীক্ষিত হ’ল মাতৃহাৰ।১২ মাৰ্চৰ পুৱা ৮.৩০ মিনিটত মুম্বাইৰ নিজা বাসগৃহত অভিনেত্ৰীগৰাকীৰ মাতৃ স্নেহলতা দেশমুখে শেষ নিশ্বাস ত্যাগ কৰে।মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯১ বছৰ।

এই দুখৰ খবৰ সামাজিক মাধ্যমৰ যোগেদি অভিনেত্ৰীগৰাকীয়ে নিজেই শ্বেয়াৰ কৰিছে।লগতে অভিনেত্ৰীগৰাকীয়ে মাতৃ বিয়োগৰ খবৰৰ সৈতে মাতৃৰ সৈতে উঠা এখন ফটো শ্বেয়াৰ কৰিছে। লগতে অভিনেত্ৰীগৰাকীয়ে লিখিছে যে, আজি বিয়লি জিজামাতা নগৰ ৱৰ্লি মুম্বাইৰ মোজেছ ৰোডৰ বৈকুন্ঠ ধামত তেওঁৰ অন্তিম ক্ৰিয়া সম্পন্ন হ’ব।

Also Read: পুনৰ বেটিং পৰাক্ৰম বিৰাট কোহলীৰ, টেষ্টত ২৮ তম শতকৰ হ'ল অধিকাৰী

bollywood #MAdhuriDikshitmomdied