পুটিনৰ খেলত পুটিনকেই চেকমেট জেলেনেস্কীৰ

পুটিনৰ খেলত পুটিনকেই চেকমেট জেলেনেস্কীৰ

ডিজিটেল ডেস্ক : ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ এতিয়া যেন এখন ডবা খেল । কোন মুহুৰ্তত কোনে কাক শলঠেকত পেলাই চেকমেট দিব পাৰে সেইয়া হে যেন এতিয়া বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে । কিন্তু এইবাৰ পুটিনতকৈ দুখোজ আগত জেলেনস্কী ।

উল্লেখ্য যে, শেহতীয়াকৈ চীনৰ ৰাষ্ট্ৰপতি জিনপিং দুদিনৰ বাবে ৰাছিয়া ভ্ৰমণলৈ গৈছিল । সেই সময়তেই মধ্যস্থতাকাৰীৰ ৰূপ লৈ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ অৱসান পেলাবলৈও চীনে চেষ্টা কৰিছিল । কিন্তু সেই প্ৰস্তাৱৰ জৰিয়তে ইউক্ৰেইনে যুদ্ধ বিৰতি ঘোষণা কৰি আলোচনাৰ মজিয়ালৈ আহিলে বৰ্তমান ইউক্ৰেইনৰ যি অঞ্চলতেই ৰাছিয়াৰ সেনাৰ চাউনী আছে সেই অঞ্চলেই ৰাছিয়াৰ দখললৈ গ'ল হয় । যাৰ বাবে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কী কোনো পধ্যেই এই প্ৰস্তাৱত মান্তি নহ'ল

তাৰ ঠিক কিছুদিন পাছতেই ইউক্ৰেইনে দিলে ‍আন এক প্ৰস্তাৱ । ইউক্ৰেইনৰ সেনা ৰিপাব্লিক অৱ ক্ৰিমিয়াত উপস্থিত হ'লেই ৰাছিয়াৰ সৈতে আলোচনাত বহিবলৈ আগ্ৰহ প্ৰকাশ ইউক্ৰেইনৰ । এই ক্ৰিমিয়া হৈছে পূৱ ইউৰোপৰ খুবেই স্পৰ্শকাতৰ অঞ্চল । ৰাছিয়াই বলপূৰ্বকভাৱে অধিকাৰ কৰি থোৱা ক্ৰিমিয়াত আগ্ৰহ দেখুওৱা মানেই পুটিনৰ অস্ত্ৰৰে পুটিনকেই আক্ৰমণ । অৱশ্যে ক্ৰিমিয়াৰ স্বাধীনতাৰ যুঁজত ইউক্ৰেইনে সহায় নকৰে বুলিও জনাইছে ইতিমধ্যে ।

ইউক্ৰেইনৰ দৰে এখন ক্ষুদ্ৰ দেশে, যি যুদ্ধৰ প্ৰথম সপ্তাহতেই আত্মসমৰ্পন কৰিব বুলি আশংকা কৰিছিল সমগ্ৰ বিশ্বই । সেই দেশ খনে বিগত এটা বছৰতকৈও অধিক কাল ৰাছিয়াৰ সমানেই যুঁজ দি এতিয়া ক্ৰিমিয়াৰ সীমান্তৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা ঘটনাই প্ৰকাশ কৰিছে ইউক্ৰেইনৰ শক্তি । যেন পুটিনৰ ডবা খেলত পুটিনকেই চেকমেট জেলেনস্কীৰ ।

পুটিনৰ খেলত পুটিনকেই চেকমেট জেলেনেস্কীৰ
নগাঁৱত পুনৰ কৰোনা!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in