/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/751f6dc5-03cf-4da7-8e71-24e465b867ee/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, যোৰহাটঃ মালয়েছিয়াৰ কুৱালালুমপুৰত ২৫ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ অনুষ্ঠিত হৈছে আই এফ এ ৱৰ্ল্ড আমৰে'ষ্টলিং চেম্পিয়নশ্বিপ ২০২৩। বৃহস্পতিবাৰে অনুষ্ঠিত জুনিয়ৰ ২১ বছৰ অনুৰ্ধ্ব ল'ৰাৰ ৭০ কেজি শাখাত বিশ্ব চেম্পিয়নশ্বিপ পাঞ্জা প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰে অসমৰ প্ৰিয়াংশু দত্তই।
দত্তই সোঁ-বাঁও দুইহাততে ব্ৰঞ্জৰ পদক অধিকাৰ কৰি ভাৰতৰ লগতে অসম তথা যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কৰ্মসূত্ৰে পিতৃ গুৱাহাটীৰ নিবাসী, যোৰহাটৰ গড়মূৰ শংকৰপুৰৰ প্ৰশান্ত দত্ত আৰু অনামিকা দত্তৰ জ্যেষ্ঠপুত্ৰ প্ৰিয়াংশু। অসম ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰ প্ৰিয়াংশু দত্তৰ এই সফলতাত যোৰহাটত আনন্দৰ ঢৌ উঠিছে।
Also Read: নগাঁও আয়ুক্ত কাৰ্যালয়ত অঘটনঃ কাৰ্যালয়ৰ কৰ্মচাৰীক প্ৰহাৰ উদণ্ড যুৱকৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us