নগাঁও আয়ুক্ত কাৰ্যালয়ত অঘটনঃ কাৰ্যালয়ৰ কৰ্মচাৰীক প্ৰহাৰ উদণ্ড যুৱকৰ

নগাঁও আয়ুক্ত কাৰ্যালয়ত অঘটনঃ কাৰ্যালয়ৰ কৰ্মচাৰীক প্ৰহাৰ উদণ্ড যুৱকৰ

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱৰ আয়ুক্ত কাৰ্যালয়ৰ সকলো নিৰাপত্তাক ভেঙুচালি কৰি খোদ আয়ুক্তৰ সহায়কাৰীৰ কোঠাত কৰ্মচাৰীক আক্ৰমণ যুৱকৰ ৷ সততে সাধাৰণ লোকক অভব্য আচৰণ কৰা আয়ুক্ত কাৰ্যালয়ৰ আৰক্ষীয়ে জিলা আয়ুক্তৰ সহায়কাৰীৰ কোঠাত অচিনাক্ত যুৱকক কিয় প্ৰৱেশৰ বাবে বাট মোকলাই দিলে তাক লৈও সৃষ্টি হৈছে চাঞ্চল্যৰ৷

ঘটনা অনুসৰি শুকুৰবাৰে দিনৰ প্ৰায় ১.৩০বজাত আয়ুক্ত কৰ্যালয়ৰ সহায়কাৰীৰ কোঠাত প্ৰৱেশ কৰি কৰ্মচাৰীক আক্ৰমণ কৰে এজন যুৱকে ৷ চাইকেললৈ সহায়কাৰীৰ কোঠাত প্ৰৱেশ কৰি প্ৰথমে যুৱকজনে সেই সময়ত কাম কৰি থকা দিবন জ্যোতি বৰাক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ কোঠাৰ ফাইল আদি দলিয়াই আচম্বিতে দিবন জ্যোতি বৰাক যুৱকজনে আক্ৰমণ কৰাত বৰাই আয়ুক্তৰ মূল কোঠাত প্ৰৱেশ কৰি নিৰাপত্তাৰক্ষীৰ সহায় বিচাৰি চিঞৰে যদিও কোনো নিৰাপত্তাৰক্ষী সেই সময়ত উপস্থিত নাছিল ৷ এই সময়চোৱাত যুৱকজনে কোঠাৰ গ্লাচ আদি ভাঙি বিনষ্ট কৰি আতৰি যায় ৷

উক্ত ঘটনা সংঘটিত কৰি যুৱকজনে প্ৰৱেশ কৰে নগাঁও জিলা পৰিষদৰ কাৰ্যালয়ত ৷ আয়ুক্তৰ কাৰ্যালয়লৈ চলাই অনা চাইকেল তাতে এৰি জিলা পৰিষদৰ কাৰ্যালয়ৰ কোঠাত প্ৰৱেশ কৰে যুৱকজন। তাতো কৰ্মচাৰীক আক্ৰমণৰ লক্ষ্য কৰি লয় যদিও এইবাৰ কাৰ্যালয়ৰ নিৰাপত্তাৰক্ষীয়ে যুৱকজনক আটক কৰিবলৈ সক্ষম হয় ৷ সেই সময়চোৱাত কাৰ্যালয়টোৰ আন এটা কোঠাত প্ৰৱেশ কৰি যুৱকজনে পিন্ধি থকা সকলো কাপোৰ খুলি পেলায় ৷ ঘটনাৰ পাছতেই অৱশ্যে আৰক্ষীয়ে যুৱকজনক কৰায়ত্ব কৰি নগাঁও সদৰ থানালৈ লৈ যায় ৷

উল্লেখ্য যে, আয়ুক্ত কাৰ্যালয়ত যুৱকজনে আক্ৰমণ চলোৱাৰ সময়ত জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ স্বাহ কাৰ্যালয়ত উপস্থিত নাছিল ৷ যুৱকজনে চাইকেল লৈ কোন দিশৰে কাৰ্যালয়ত প্ৰৱেশ কৰিলে সেই কথাও জ্ঞাত নহয় উপস্থিত কৰ্মচাৰীসকল ৷ সন্দেহ কৰা মতে আক্ৰমণকাৰী যুৱকজন নিচাসক্ত অৱস্থাত আছিল ৷ ইপিনে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যুৱকজনৰ পৰিচয় ৷

নগাঁও আয়ুক্ত কাৰ্যালয়ত অঘটনঃ কাৰ্যালয়ৰ কৰ্মচাৰীক প্ৰহাৰ উদণ্ড যুৱকৰ
গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in