আজি বিশ্ব স্বাস্থ্য দিৱস...

" মোৰ স্বাস্থ্য, মোৰ অধিকাৰ"
আজি বিশ্ব স্বাস্থ্য দিৱস...

ডিজিটেল ডেস্কঃ  আজি বিশ্ব স্বাস্থ্য দিৱস। স্বাস্থ্যৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্যোগত ৭ এপ্ৰিলৰ দিনটো বিশ্ব স্বাস্থ্য দিৱস হিচাপে উদযাপন কৰা হয়। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰ সকলে আৰু ইয়াৰ লগত জড়িত আন সংস্থাবোৰে পালন কৰে।

প্ৰতি বছৰে এক অনন্য বিষয়বস্তুৰ সৈতে বিশ্ব স্বাস্থ্য দিৱস উদযাপন কৰা হয় ।এইবছৰৰ বিশ্ব স্বাস্থ্য দিৱসৰ বিষয়বস্তু হৈছে " মোৰ স্বাস্থ্য, মোৰ অধিকাৰ" (My Health, my right)।

বিশ্ব স্বাস্থ্য সংস্থা আন্তৰ্জাতিক জনস্বাস্থ্যৰ সমন্বয়কৰ ভূমিকা পালন কৰে। ১৯৪৮ চনৰ ৭ এপ্ৰিল তাৰিখে ইয়াৰ গঠন কৰা হৈছিল। বিশ্ব স্বাস্থ্য সংস্থায়ে প্ৰতি বছৰে ৭ এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস পালন কৰাৰ প্ৰস্তাৱ গৃহীত কৰে আৰু ১৯৫০ চনৰ পৰা এই প্ৰস্তাৱ কাৰ্যকৰী হয়।

সমগ্ৰ বিশ্বতে স্বাস্থ্য সম্পৰ্কীয় বিষয়সমূহৰ সজাগতা আৰু উপযুক্ত কৃতপক্ষৰ দৃষ্টি আকৰ্ষণ কৰাই দিৱসৰ অন্যতম উদ্দেশ্য। বিশ্ব স্বাস্থ্য সংস্থায়ে বিশ্ব স্বাস্থ্য দিৱসত আন্তৰ্জাতিক, আঞ্চলিক আৰু স্থানীয় স্তৰত প্ৰতি বছৰে এটি মূল বিষয়বস্তু লৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে। বিশ্ব স্বাস্থ্য দিৱস জনস্বাস্থ্যৰ লগত জড়িত বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংগঠনে পালন কৰে।

আজি বিশ্ব স্বাস্থ্য দিৱস...
ৰাজপথত কেইবালুটি খালে মিনিট্ৰাকেঃ আহত ১৮ জন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in