/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/2db76eec-452a-4db8-85b0-d9ba46a8df0f/disabled.jpg)
ডিজিটেল ডেস্ক : আজি বিশ্ব প্ৰতিবন্ধী দিৱস । ১৯৯২ চনৰে পৰাই ৰাষ্ট্ৰসংঘই ৩ ডিছেম্বৰৰ দিনটো সমগ্ৰ বিশ্বজুৰি পালন কৰি আহিছে বিশ্ব প্ৰতিবন্ধী দিৱস ৰূপে । মূলত: বাধাগ্ৰস্ত লোকসকলক সমমৰ্যদা প্ৰদান, তেওঁলোকৰ সুৰক্ষা আৰু কল্যাণৰ হকে পালন কৰি অহাই এই দিনটোৰ তাৎপৰ্য ।
ইয়াৰ ওপৰিও প্ৰতিবন্ধী ব্যক্তি এগৰাকীৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক উন্নয়নতো গুৰুত্ব আৰোপ কৰি অহা হৈছে বিশ্ব প্ৰতিবন্ধী দিৱসৰ জৰিয়তে ।উল্লেখ্য যে, ২০০৭ বৰ্ষলৈ এই দিনটো আন্তৰ্জাতি প্ৰতিবন্ধক ব্যক্তিৰ দিৱস বুলি হে উদযাপন কৰা হৈ আহিছিল ।
১৯৮১ চনত ৰাষ্ট্ৰসংঘই আন্তৰ্জাতিক, ৰাষ্ট্ৰীয় আৰু আঞ্চলিক পৰ্যায়ত প্ৰতিবন্ধী লোকসকলৰ সামগ্ৰিক উন্নয়নৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল এটি দিৱসৰ । সেই বৰ্ষত বিশ্ব প্ৰতিবন্ধী দিৱসৰ মূল বিষয়বস্তু আছিল সমতাৰ সৈতে সম্পূৰ্ণ অংশগ্ৰহণ । অৰ্থাৎ প্ৰতিবন্ধী লোকসকলৰ সমাজৰ সকলো ক্ষেত্ৰতে সমান অধিকাৰ আৰু সন্মানৰ সৈতে অংশগ্ৰহণ । তাৰ পাছৰে পৰাই বিশ্বব্যাপী অনুষ্ঠিত কৰা হয় আজিৰ দিনটো ।
আৰু পঢ়ক : গোৱালপাৰাৰ কৃষ্ণাইৰ শালপাৰাত ভয়াৱহ দুৰ্ঘটনা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us