/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/6b4f8e5a-9cf0-44e3-aee1-76cfb69a00ba/z1.jpg)
ডিজিটেল ডেস্কঃ যোৱা ২৯ চেপ্তেম্বৰৰ পৰা ১ অক্টোবৰলৈকে তিনিদিনৰ বাবে গুৱাচিং ডি.চি.ত অনুষ্ঠিত হৈছিল বিশ্ব সাংস্কৃতিক মহোৎসৱ। আৰ্ট অফ লিভিঙৰ দ্বাৰা চতুর্থ বাৰৰ বাবে অনুষ্ঠিত হোৱা এই বিশ্ব সাংস্কৃতিক মহোৎসৱত বিভিন্ন দেশ আৰু ৰাজ্যৰ ১৭০০০ কলা-কুশলী শিল্পী, ৰাজ্যবিলাকৰ অজস্ৰজন মুখীয়াল, ১০০ ৰো অধিক দেশৰ চিন্তাবিদ-বুদ্ধিজিৱীয়ে এই মহোৎসৱ অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/689b6fec-fb6d-4bc7-a2ab-076aba90642a/fa3067b5_bd1f_419f_8821_07c115834452.jpg)
ৰাষ্ট্ৰসংঘৰ অষ্টম চেক্রেটেৰি জেনেৰেল বেন কি মুন, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী এচ. জয়শংকৰ, আমেৰিকাৰ প্ৰখ্যাত চার্জন জেনেৰেল ডঃ বিবেক মূৰ্তি, ইউ.এচ. চিনেটৰ ৰিক স্কট, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰীৰাম নাথ কোবিন্দ, গুৰুদেৱ শ্ৰীশ্ৰীৰবি শংকৰদেৱ, লোকসভাৰ প্ৰাক্তন অধ্যক্ষ সুমিত্ৰা মহাজনক, জাপানৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী হাকোবুন শ্বিমমুৰাকে আদি কৰি ভাৰতৰ আৰু সমগ্ৰ বিশ্বৰে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে এই বিশ্ব সাংস্কৃতিক মহোৎসৱ- ২০২৩ ত অংশ গ্রহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/fe36657d-2083-41c7-8fba-2750d53019ba/e99308ec_6e0a_477e_9165_885ec8ebdac2.jpg)
এই মহোৎসৱত ৫০ তকৈ অধিক বিভিন্ন ভাৱধাৰাৰ অনুষ্ঠান পৰিৱেশন কৰা হয়। তাৰ ভিতৰত ১০০০ গীতিকাৰ আৰু নৃত্য শিল্পীৰে সৈতে চীনৰ পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠান, বিভিন্ন উৎসৱৰ সৈতে জড়িত নৃত্যৰ ৭০০০ নৃত্য শিল্পীৰ নৃত্যানুস্থান, ধ্রুপদী সুৰ সমলয়ৰ সৈতে জড়িত ৭০০ ভাৰতীয় শিল্পী কলা-কুশলীৰ সংগীতানুষ্ঠান আদি প্ৰধান আছিল।
Also Read: “শিশুৰ দিন” উদযাপনেৰে মুখৰিত হাফলঙৰ অসম গ্ৰন্থমেলা