“শিশুৰ দিন” উদযাপনেৰে মুখৰিত হাফলঙৰ অসম গ্ৰন্থমেলা

“শিশুৰ দিন” উদযাপনেৰে মুখৰিত হাফলঙৰ অসম গ্ৰন্থমেলা

ডিজিটেল ডেস্কঃ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলা, হাফলং বুধবাৰে শিশুৰ কলৰৱত মুখৰিত হৈ পৰে ৷ সাংস্কৃতিক প্ৰতিষ্ঠান প্ৰেক্ষাগৃহ প্ৰাংগণত অহা ৭ অক্টোবৰলৈ আয়োজিত এই গ্ৰন্থমেলাত বুধবাৰৰ দিনটো “শিশুৰ দিন” হিচাপে উদযাপন কৰা হয় ৷

তদুপলক্ষে পুৱা ১০ বজাৰ পৰা চিত্ৰাংকণ প্ৰতিযোগিতা আৰু দুপৰীয়া ১২ বজাৰ পৰা আকস্মিক বক্তৃতা অনুষ্ঠিত হয় শিশুসকলৰ মাজত ৷ চিত্ৰাংকণ প্ৰতিযোগিতাত বিচাৰক হিচাপে অংশগ্ৰহণ কৰে চিত্ৰশিল্পী অৰ্পিতা ধৰে ৷ আকস্মিক বক্তৃতাত বিচাৰকৰ আসন শুৱনি কৰে হাফলঙৰ জিলা শৈক্ষিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ অধ্যাপক মাইপাল কেম্প্ৰাই আৰু বিশিষ্ট লেখক-গ্ৰন্থকাৰ ৰামদিনা লালছিমে ৷

উল্লেখ্য যে, চিত্ৰাংকণ প্ৰতিযোগিতাত ১০০গৰাকী আৰু আকস্মিক বক্তৃতাত ৭০গৰাকীয়ে যোগদান কৰে ৷ এই কাৰ্যসূচীত অভিভাৱকসকলৰ উপস্থিতিয়ে অসম গ্ৰন্থমেলাত উছৱমুখৰ পৰিৱেশ সৃষ্টি কৰে ৷ আনহাতে বৃহস্পতিবাৰে “শিশুৰ দিন”ৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ১১ বজাৰ পৰা মুকলি কুইজ, দুপৰীয়া ১ বজাৰ পৰা কবিতা আবৃত্তি আৰু বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হ’ব তৰ্ক প্ৰতিযোগিতা ৷

“শিশুৰ দিন” উদযাপনেৰে মুখৰিত হাফলঙৰ অসম গ্ৰন্থমেলা
ঘোষণা হ'ল ২০২৩ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in