ফাদিল হ'ব ক'ভিড সৃষ্টিৰ আৰৰ ৰহস্য, তদন্ত বিশ্ব স্বাস্থ্য সংস্থাৰ

ফাদিল হ'ব ক'ভিড সৃষ্টিৰ আৰৰ ৰহস্য, তদন্ত বিশ্ব স্বাস্থ্য সংস্থাৰ

ডিজিটেল ডেস্ক : সমগ্ৰ পৃথিৱীবাসীৰ দুটাকৈ বছৰ সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাইছিল ক'ভিডে । ক'ভিড'ৰ তাণ্ডৱৰ পৰা সাৰি নগ'ল উন্নত স্বাস্থ্যখণ্ডৰ ইউৰোপীয়ান দেশসমূহো । ইটালীত এটা প্ৰজন্ম প্ৰায় নিশ্চিহ্ন হৈ পৰিল । আমেৰিকাত চিকিৎসালয় সমূহত দেখা গ'ল মৃতকৰ দীঘলীয়া শাৰী । একেই অৱস্থা ভাৰততো । ক'ভিডৰ প্ৰথম দুটা ঢৌৱে শেষ কৰি পেলালে দেশখনক । আন বাদেই, মৃতকৰ শেষকৃত্য সম্পন্ন কৰিবলৈ স্থানৰ অভাৱত নৈত উটুৱাই দিয়া হ'ল শতাধিক মৃতদেহ ।

কিন্তু ক'ভিদৰ সংকটকালৰ পাছত মাৰ বান্ধি উঠিছে দেশ সমূহ । কিদৰে ক'ভিড সৃষ্টি হ'ল সেই ৰহস্য যেন ভেদ কৰিবই এইবাৰ । তাৰেই মাজত বিশ্ব স্বাস্থ্য সংস্থাৰ ওচৰত দাবী আমেৰিকা যুক্তৰাষ্ট্ৰৰ যে ক'ভিড সম্পূৰ্ণকৈ মানৱসৃষ্ট সংকট । বেইজিঙৰ পৰীক্ষাগাৰত সৃষ্টি কৰা হৈছিল কোৰোণা ভাইৰাছ । আনহাতে এই দাবী সমূলি নস্যাৎ চীনা চৰকাৰৰ ।

তাৰ পাছতহে গা লৰিল বিশ্ব স্বাস্থ্য সংস্থাৰ । সকলো দেশক ক'ভিডৰ বিষয়ে আহৰণ কৰা তথ্য দাখিল কৰিবলৈ নিৰ্দেশ অতি সোনকালেই ।

আনহাতে, এই সব্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ মন্তব্য যে, বেইজিঙক কোনো প্ৰমাণৰ অবিহনেই দোষাৰোপ কৰাতকৈ দেশসমূহে ক'ভিড সম্পৰ্কে থকা তথ্য দাখিল কৰক । তাৰ পাছত লোৱা হ'ব উচিত ব্যৱস্থা ।

ফাদিল হ'ব ক'ভিড সৃষ্টিৰ আৰৰ ৰহস্য, তদন্ত বিশ্ব স্বাস্থ্য সংস্থাৰ
কলিয়াবৰৰ হাতীগাঁও চাহ বাগিচাত বনৰীয়া হাতীৰ সন্ত্রাস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in