কভিড-১৯তকৈয়ো অধিক ভয়াৱহ ভাইৰাছে পুনৰ সৃষ্টি কৰিব আতংক !

কভিড-১৯তকৈয়ো অধিক ভয়াৱহ ভাইৰাছে পুনৰ সৃষ্টি কৰিব আতংক !

ডিজিটেল ডেস্কঃ কৰোণা মহামাৰীতকৈয়ো অধিক ভয়াৱহ ভাইৰাছে পুনৰ সৃষ্টি কৰিব আতংকৰ। এই কথা প্ৰকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন স্বাস্থ্য বিশেষজ্ঞই। বিশ্ব স্বাস্থ্য সংস্থাই "এক্স" নামেৰে নামাকৰণ কৰা এবিধ ভাইৰাছে পুনৰ মহামাৰীৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে স্বাস্থ্য বিশেষজ্ঞই।

উল্লেখ্য যে, বিগত মে মাহতে বিশ্ব স্বাস্থ্য সংস্থাই এই ভাইৰাছ বিধৰ কথা প্ৰথমবাৰৰ বাবে উল্লেখ কৰিছিল। মূলতঃ ভাইৰাছ, বেক্টেৰীয়া অথবা ভেঁকুৰৰ পৰা সৃষ্টি হ'ব পৰা এই ৰোগৰ বাবে এতিয়া সাৱধানবাণী জাৰি কৰিছে স্বাস্থ্য সংস্থাটোৱে।

বিশেষজ্ঞসকলৰ মতে বিজ্ঞানীসকলে এনে ২৫টা ভাইৰাছ চিনাক্ত কৰিছে। যাৰ ১নিযুততকৈও অধিক আৱিষ্কৃত প্ৰকাৰ থাকিব পাৰে। যুক্তৰাষ্ট্ৰৰ স্বাস্থ্য বিশেষজ্ঞগৰাকীয়ে এটি সাক্ষাৎকাৰত প্ৰকাশ কৰা অনুসৰি সমগ্ৰ বিশ্বত কভিড-১৯ত মৃত্যু হোৱা লোকৰ তুলনাত অধিকলোক এই "এক্স" ভাইৰাছৰ বাবে মৃত্যুক আঁকোৱালি লোৱাৰ সম্ভাৱনা আছে। বিশ্বায়নৰ জৰিয়তে ক্ৰমান্বয়ে ভাইৰাছ বিধৰ প্ৰাদুৰ্ভাৱ পৰাৰ আশংকা কৰে স্বাস্থ্য বিষয়াগৰাকীয়ে।

কভিড-১৯তকৈয়ো অধিক ভয়াৱহ ভাইৰাছে পুনৰ সৃষ্টি কৰিব আতংক !
জাল নোটৰ বজাৰত দুনাম অব্যাহত বঙালমৰাৰঃ ২০ লক্ষ্যাধিক জাল নোটসহ গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in