জাল নোটৰ বজাৰত দুনাম অব্যাহত বঙালমৰাৰঃ ২০ লক্ষ্যাধিক জাল নোটসহ গ্ৰেপ্তাৰ...

জাল নোটৰ বজাৰত দুনাম অব্যাহত বঙালমৰাৰঃ ২০ লক্ষ্যাধিক জাল নোটসহ গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ, লালুকঃ লখিমপুৰৰ বঙালমৰা আৰক্ষী চকীৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ জাল নোটসহ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ আৰক্ষীয়ে সোমবাৰে নিশা ১নং আহমেদপুৰত অভিযান চলাই ২০ লক্ষাধিক জাল নোটৰ সৈতে ইমদাদুল হক নামৰ ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰে ৷

১ নং আহমেদপুৰৰ ধৃত ইমদাদুল ইছলামৰ ঘৰত অভিযানৰ সময়ত জাল নোটখিনি উদ্ধাৰ কৰা হয় ৷ পানীৰ টেংকৰ পৰা আৰক্ষীয়ে জব্দ কৰে জাল নোটখিনি। আনহাতে বঙালমৰা আৰক্ষীয়ে সোমবাৰে নিশা বঙালমৰা মিৰি গাঁৱৰ গুলজাৰ হুছেইন, ৰিয়াজুল‌ ইছলাম, ফাইজুল ইছলামৰ বাসগৃহতো অভিযান চলাইছিল যদিও সুযোগ বুজি আটাইকেইজন পলাই যাবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত সোমবাৰৰ পুৱতি নিশা ২ নং সোনাপুৰৰ পৰা কৰায়ত্ত কৰে আন এজন জাল নোট ব্যৱসায়ী ছাহজাহান আলীক। উল্লেখ্য যে ধৃত ইমদাদুলৰ উপৰি পলায়ন কৰা ৰিয়াজুল, ফাইজুল আৰু গুলজাৰ গেঙে গোপনে গুৱাহাটীত জাল নোট ব্যৱসায় কৰি থকাৰ খবৰ আছিল লখিমপুৰ জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ হাতত। আনন্দ মিশ্ৰৰ নিৰ্দেশৰ পিছতেই নিশা চলিছিল ধাৰাবাহিক অভিযান। গেঙটোক উৎখাত কৰিবলৈ বিহপুৰীয়া, বঙালমৰা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷

জাল নোটৰ বজাৰত দুনাম অব্যাহত বঙালমৰাৰঃ ২০ লক্ষ্যাধিক জাল নোটসহ গ্ৰেপ্তাৰ...
চাহ বাগিচাৰ নলাত পৰি কৰুণ মৃত্যু হাতী পোৱালিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in