ভয়াবহ অৰ্থনৈতিক বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা...

ভয়াবহ অৰ্থনৈতিক বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা...

author-image
Asomiya Pratidin
New Update
ভয়াবহ অৰ্থনৈতিক বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা...

ভয়াবহ অৰ্থনৈতিক বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা...

ডিজিটেল ডেস্কঃ অৰ্থনৈতিক বিপৰ্যয়ৰ সন্মুখীন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। চাকৰি হেৰুৱাব পাৰে প্ৰায় ৮৩ লাখ কৰ্মচাৰীয়ে। বুধবাৰে হোৱাইট হাউচে প্ৰকাশ কৰা এক প্ৰতিবেদনত স্পষ্ট হৈছে এই কথা।

Advertisment

প্ৰকাশিত খবৰ মতে মাৰ্কিন যুক্ত ৰাষ্ট্ৰৰ অৰ্থনীতিত ৪৫ শতাংশ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। এই লোকচানৰ পৰা পৰিত্ৰাণ পাবলৈ, কৰ্মচাৰীৰ চাকৰি কৰ্তনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।

উল্লেখ্য, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছে কিছু সময়ৰ পৰা ঋণ লোৱাৰ উৰ্ধসীমাৰ ওপৰত বিতৰ্ক কৰি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰই বিভিন্ন ক্ষেত্ৰত ব্যয় পূৰণ কৰিবলৈ যথেষ্ট পৰিমাণে ঋণ লৈছে।

শেহতীয়াকৈ কেইবাবাৰো ঋণৰ উৰ্ধসীমা বৃদ্ধি কৰিছে। অৰ্থনীতিবিদসকলে আশংকা কৰিছে যে, এই ঋণ পৰিশোধ কৰিবলৈ গৈ আমেৰিকা দেউলিয়া হোৱাৰ আশংকা আছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৯ মে'ত এখন জৰুৰী বৈঠক আহ্বান কৰিছে। আনহাতে  আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ সদস্যসকলৰ বহুতো ব্যয় চৰকাৰী কোষাগাৰৰ পৰা পূৰণ কৰা হয়।

এনে অৰ্থনৈতিক বিপৰ্যয়ৰ বাবেই এতিয়া কংগ্ৰেছৰ সদস্যসকলক ব্যয় হ্ৰাস কৰিবলৈ কোৱা হৈছে যাতে ঋণৰ পৰিমাণ হ্ৰাস কৰিব পৰা যায়। হোৱাইট হাউচৰ পৰামৰ্শদাতাসকলে উদ্বেগ প্ৰকাশ কৰিছে দেশৰ বিত্তীয় সংকটৰ বাবে বহুলোকে চাকৰি হেৰুৱাব পাৰে।

কাৰণ চৰকাৰৰ হাতত নগদ ধনৰ পৰিমাণ হ্ৰাস পাইছে। ফলস্বৰূপে, কৰ্মচাৰীসকলক দৰমহা দিব নোৱাৰিব। কেৱল সেয়াই নহয়, দেশৰ উৎপাদন ক্ষমতাও প্ৰভাৱিত হ'ব। সামগ্ৰিকভাৱে, আমেৰিকাৰ বাবে এতিয়া আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে অহা এমাহত অৰ্থনীতিৰ পুনৰুদ্ধাৰ কৰা।

Also Read: ভাৰতত পাকিস্তানৰ বিদেশ মন্ত্ৰী বিলৱাল ভুট্টো জৰ্দাৰী...

আমেৰিকা হোৱাইট হাউচ