ভাৰতত পাকিস্তানৰ বিদেশ মন্ত্ৰী বিলৱাল ভুট্টো জৰ্দাৰী...

ভাৰতত পাকিস্তানৰ বিদেশ মন্ত্ৰী বিলৱাল ভুট্টো জৰ্দাৰী...

author-image
Asomiya Pratidin
New Update
ভাৰতত পাকিস্তানৰ বিদেশ মন্ত্ৰী বিলৱাল ভুট্টো জৰ্দাৰী...

ভাৰতত পাকিস্তানৰ বিদেশ মন্ত্ৰী বিলৱাল ভুট্টো জৰ্দাৰী...

ডিজিটেল ডেস্কঃ ভাৰতলৈ আহিছে বেনজীৰ ভুট্টোৰ পুত্ৰ বিলৱাল ভুট্টো জৰ্দাৰী। গোৱাত অনুষ্ঠিত হ’বলগীয়া ছাংহাই সহযোগী সংগঠনৰ বৈঠকত অংশ ল’বৰ বাবে গোৱাত আহি উপস্থিত হৈছেহি পাকিস্তানৰ বিদেশ মন্ত্ৰীৰ দায়িত্বতত থকা বিলৱাল ভুট্টো জৰ্দাৰী।

Advertisment

ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত চীন, ৰাছিয়া আদি দেশৰ বিদেশ মন্ত্ৰীসকলেও অংশগ্ৰহণ কৰিব। এই বৈঠকৰ মাজতে চীন আৰু ৰাছিয়াৰ বিদেশমন্ত্ৰীৰ সৈতে এছ জয়শংকৰে দ্বিপাক্ষীক বৈঠকত অংশগ্ৰহণ কৰিব।

ইয়াৰ বিপৰীতে পাকিস্তানৰ বিদেশমন্ত্ৰী বিলৱাল ভুট্টো জৰ্দাৰীৰ সৈতে এতিয়ালৈকে বৈঠকৰ কোনো অনুষ্ঠানৰ বিষয়ে ঘোষণা হোৱা নাই। মন কৰিবলগীয়া যে পাকিস্তানৰ ভূমিৰ পৰা যেতিয়ালৈকে ভাৰত বিৰোধী সন্ত্ৰাসমূলক কাৰ্যকলাপ বন্ধ নহয় তেতিয়ালৈকে ভাৰতে দেশখনৰ সৈতে ৰাজনৈতিক সম্পৰ্ক সুস্থিৰ নকৰে বুলি আৰু কোনো সহযোগিতা আগনবঢ়াই বুলি স্পষ্ট কৰি থৈছে।

তাৰ পাছতো বিলৱাল ভুট্টো জৰ্দাৰীয়ে কি এজেণ্ডা লৈ ভাৰতত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকলৈ আহিছে সেয়া ৰাজনৈতিক বিশেষজ্ঞসকলৰ বাবে আকৰ্ষণৰ বিষয় হৈ পৰিছে। উল্লেখ্য যে, পুলৱামা আক্ৰমণ আৰু ইয়াৰ পিছত ভাৰতে কৰা ছাৰ্জিকেল ষ্ট্ৰাইকৰ পাছত প্ৰথমবাৰৰ বাবে পাকিস্তানৰ পৰা ভাৰতলৈ কোনো এজন মন্ত্ৰীৰ আগমণ ঘটিছে। ইয়াৰ আগলৈকে দুয়ো দেশে এক দুৰত্ব বজাই চলি আহিছিল।

Also Read: পুনৰ সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত...

বিলৱাল ভুট্টো জৰ্দাৰী