/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/30d009be-3a85-405e-b5f8-9ee753495568/war.jpg)
ডিজিটেল ডেস্ক : পৰৱৰ্তী দুবছৰৰ ভিতৰত অৰ্থাৎ ২০২৫ চনৰ ভিতৰত আমেৰিকা আৰু চীনৰ মাজত যুদ্ধৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে । এই আশংকা বেকত কৰিছে আমেৰিকাৰ ৪ ষ্টাৰ এয়াৰ ফ'ৰ্চৰ জেনেৰেল মাইক মিনিহানে । তেওঁ যোৱা ১ জানুৱাৰীত নিজা বিভাগলৈ লিখা এখন পত্ৰত এই আশংকা ব্যক্ত কৰিছে । অৱশ্যে তেওঁৰ এই আশংকাই কিন্তু পেন্টাগনৰ আশংকাকো নিশ্চিত নকৰে । কিন্তু টাইৱানত চীনে যিধৰণে হস্তক্ষেপ কৰি আহিছে আৰু এইক্ষেত্ৰত আমেৰিকাই বাধাৰ সৃষ্টি কৰি আহিছে তাকে লৈ দুয়োখন দেশৰ সামৰিক সংঘাত বৃদ্ধি পোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ।
জেনেৰেল মিনিহানৰ মতে, অহা বছৰৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনতো চীনে হস্তক্ষেপ কৰাৰ সম্ভাৱনা আছে । একেটা বৰ্ষতে টাইৱানৰো ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ'ব । টাইৱান প্ৰণালীত চীনে যিদৰে সামৰিক উত্তেজনা বৃদ্ধি কৰি আহিছে, তাৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ সৈতে সংঘাত বৃদ্ধি পাব পাৰে । কিয়নো টাইৱানৰ মিত্ৰ হিচাপে আমেৰিকাই প্ৰতিটো ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াই আহিছে ।
আৰু পঢ়ক : নুমলীগড়ৰ সঁজাল কুটীৰত "সময়ৰ শিলালিপিত জীৱনৰ গান" শীৰ্ষক জীপাল সাংস্কৃতিক অনুষ্ঠান...