নুমলীগড়ৰ সঁজাল কুটীৰত "সময়ৰ শিলালিপিত জীৱনৰ গান" শীৰ্ষক জীপাল সাংস্কৃতিক অনুষ্ঠান...

author-image
Asomiya Pratidin
New Update
নুমলীগড়ৰ সঁজাল কুটীৰত "সময়ৰ শিলালিপিত জীৱনৰ গান" শীৰ্ষক জীপাল সাংস্কৃতিক অনুষ্ঠান...

ডিজিটেল সংবাদ, নুমলীগড় : ব্যস্ততাময় জীৱনৰ যান্ত্ৰিক পৃথিৱীখনত আমি হৈ পৰিছো একো একোটি- যন্ত্ৰ। মানৱীয় অনুভূতিয়েহে আমাক এই যন্ত্ৰনাৰ পৰা মুক্তি দিব পাৰিব। কথা, সুৰ ছন্দৰ মাজতো আমি বিচাৰি পাব পাৰো জীৱন উদযাপনৰ মন্ত্ৰ। আপুনি, মই আটায়ে অনুভৱী মনৰ মানুহ।

Advertisment

এই উদ্দেশ্য আগত ৰাখি দেওবাৰে শীতৰ সেমেকা নিশা সঁজাল কুটীৰৰ চোতালত “ সময়ৰ শিলালিপিত জীৱনৰ গান“ শীৰ্ষক অনুষ্ঠান জুইৰ উমাল আবেশত চেতাৰ আৰু ভায়'লিনত ঝংকাৰিত হোৱা ধ্ৰুপদী ৰাগৰ সুৰধ্বনি, বাঁহীৰ মধুৰ ৰাগৰ মাজেৰে এসন্ধ্যা কটাই জীৱনবোৰ জীপাল কৰি তোলে ৷

একঘেয়ামী ব্যস্ততা, অৱসাদগ্ৰস্ততাক নেওচি কবি, নাট্যকাৰ পলাশ লইঙৰ নাট্যৰূপ আৰু পৰিকল্পনাৰে, তৰুণ তীৰ্থ শইকীয়াৰ পৰিচালনাৰে প্ৰসিদ্ধ গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ এটি বিখ্যাত গল্পৰ আধাৰত প্ৰদৰ্শন কৰা হ'য় চোতাল নাটক- "সিহঁতেও পাহাৰ বগালে''। লগতে শিল্প, ভাস্কৰ্য, সাহিত্য-সংস্কৃতিৰ সৈতে জড়িত কেইবাজনো বিশেষ ব্যক্তিৰ সম্বৰ্ধনা অনুষ্ঠানৰ মাজেৰে সঁজাল কুটীৰত "সময়ৰ শিলালিপিত জীৱনৰ গান" গুণগুণাই জীপাল কৰে ৷

প্ৰায় পাঁচ শতাধিক শিল্প , সাহিত্য আৰু সংস্কৃতিপ্ৰেমী দৰ্শকৰ উপস্থিতিত এই অনুষ্ঠানতে প্ৰয়াত যুৱ সাংবাদিক অসীম জ্যোতি বৰাৰ একমাত্ৰ এবছৰীয়া কণ্যাটিক সঁজাল কুটীৰ পৰিয়ালৰ তৰফৰ পৰা একলাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে ৷

আৰু পঢ়ক : G20 প্ৰতিনিধিৰ চমু যাতায়তৰ বাবে অনা হৈছে বেটেৰী চালিত গল্ফ কাৰ্ট

numaligarh