কি হৈছে বিশ্বত ? চাৰিওফালে কেৱল যুদ্ধ...

author-image
Asomiya Pratidin
New Update
কি হৈছে বিশ্বত ? চাৰিওফালে কেৱল যুদ্ধ...

ডিজিটেল ডেস্ক : অসুখী বিশ্ব । দুখনকৈ বিশ্বযুদ্ধ দেখাৰ পাছতো যুদ্ধৰ লালসা হ্ৰাস হোৱা নাই বিশ্ববাসীৰ । দৈনিক শ শ লোকক হত্যা কৰা হৈছে যুদ্ধৰ দোহাই দি । গৃহহীন হৈছে সহস্ৰাধিক লোক । প্ৰজন্মৰ পাছত প্ৰজন্ম ডুব গৈছে নৱ্য উদাৰতাবাদৰ কৰাল গ্ৰাসত । বিশ্বায়ন মানে যুদ্ধ নেকি ? এতিয়া সৰ্বত্ৰে চৰ্চিত এই প্ৰশ্ন ।

Advertisment

চীন-ভাৰত অতবা পাকিস্তান-ভাৰতৰ অশান্ত সীমান্তৰ পাছতেই ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ, পেলেষ্টাইন-ইজৰাইলৰ যুদ্ধ, চীনৰ তিব্বত আৰু টাইৱানৰ আগ্ৰাসন, আফগানিস্তানত সন্ত্ৰাসবাদীৰ চৰকাৰ, শ্ৰীলংকাৰ গৃহযুদ্ধ । এইবোৰ নগন্য সংখ্যক উদাহৰণ হে । ইয়াতেই শেষ নহয় বৰ্তমানৰ যুদ্ধৰ বিভীষিকাৰ পৰিসৰ ।

যি ৰাষ্ট্ৰসংঘই শান্তি আৰু আলোচনাৰ কথা কয়, সেই ৰাষ্ট্ৰসংঘ কিন্তু নিশ্চুপ এই প্ৰসংগত । পাৰমাণৱিক শান্তি চুক্তিত স্বাক্ষৰ কৰা দেশত ড্ৰ'নৰ আক্ৰমণে উৰুৱাই নিয়ে ইউৰেনিয়ামৰ সম্পৰীক্ষা কেন্দ্ৰ ।

কিন্তু কিয় নিশ্চুপ সমগ্ৰ বিশ্ব । দৰাচলতে বৰ্তমান প্ৰায় প্ৰত্যেক খন দেশেই আনখন দেশৰ ওপৰত নিৰ্ভৰশীল বিভিন্ন ক্ষেত্ৰত । আন্তৰ্জাতিক বাণিজ্যক্ষেত্ৰত প্ৰত্যেকখন দেশকেই প্ৰয়োজন আন এখন দেশৰ সহযোগিতা । কোনোবাখন দেশৰ পৰা যদি ক্ৰয় কৰা হয় খাৰুৱা তেল তেন্তে আন কাৰোবাক বিক্ৰী কৰে ঔষধী কেচাঁমাল । তেনেস্থলত দেশ সমূহৰ মাজৰ কূটনৈতিক সম্পৰ্ক সাধাৰণ ৰাইজৰ উৰ্ধত । যাৰ ফলতেই নাটো বাহিনীয়েও স্তব্ধ কৰিব পৰা নাই ৰাছিয়াক । সততেই আফগানিস্তানলৈ সেনা মোতায়েন কৰা আমেৰিকাই উদ্ধাৰ কৰিব পৰা নাই আফগানিস্তানক । কিয়নো ৰাছিয়াৰ পৰা এতিয়াও বিদ্যুত শক্তি ক্ৰয় কৰে ইউৰোপে । এনে উদাহৰণো অসংখ্য ।

ভাৰতীয় বজাৰত আজিও চীনৰ সামগ্ৰী সূলভ, এছিয়াত বিশ্ববিখ্যাত উদ্যোগ এপ'লৰ সৰ্ববৃহৎ ফোন নিৰ্মানকাৰী কাৰখানা আছে চীনত । বিভিন্ন দেশে খনিজ তেল ক্ৰয় কৰে আফগানিস্তান আৰু ৰাছিয়াৰ পৰা । কিউবাৰ চিৰশত্ৰু আমেৰিকাক বহু সময়ত ঔষধ যোগান ধৰে কিউবাই ।

এনে বহু কাৰণত প্ৰত্যেক খন দেশেই নিৰ্ভৰশীল আন এখন দেশৰ ওপৰত । বৰ্তমানৰ বিশ্বায়নৰ যুগত আন্তৰ্জাতিক বাণিজ্যৰ পৰাই সকলোতকৈ বেছি আৰ্জন কৰে একোখন দেশে ।

কিন্তু এই সম্পৰ্ক ৰাজনৈতিক আৰু কূটনৈতিক, আনহাতে যুদ্ধৰ পৰিণাম ভোগে নিৰীহ জনতাই । তেনেস্থলত যুদ্ধৰ নামত অপব্যয় হোৱা ধনে দেশ একোখক অতি সহজেই একোখন ক্ষেত্ৰত সৱল কৰি তুলিব পাৰে । কিন্তু সেই কথা এতিয়া কল্পনাতীত যুদ্ধপিয়াসী সৰ্ব শক্তিশালী নেতাসকলৰ বাবে ।

আৰু পঢ়ক : ছাত্ৰীক চাকৰিৰ প্ৰলোভন, আটক দুজন

russia ukraine war