ছাত্ৰীক চাকৰিৰ প্ৰলোভন, আটক দুজন

ডিব্ৰুগড় জিলা জয়পুৰৰ ৩ কিশোৰীসহ ২জন যুৱক আটক লাহোৱাল আৰক্ষীৰ
আটক দুজন
আটক দুজন

ডিজিটেল সংবাদ, চাবুৱাঃ বহিঃৰাজ্যত ছাত্ৰীক চাকৰি প্ৰলোভন দিয়া নাহৰকটিয়াৰ দুজন যুৱকক লাহোৱাল আৰক্ষীয়ে আটক কৰিছে। ডিব্ৰুগড় জিলা জয়পুৰৰ ৩ কিশোৰীসহ ২জন যুৱকক আটক কৰে লাহোৱাল আৰক্ষীয়ে।

জানিব পৰা মতে ডিব্ৰুগড় জিলা জয়পুৰ ৩কিশোৰীক বহিঃ ৰাজ্যত কাম দিয়া প্ৰলোভনেৰে বেংগালুৰুলৈ লৈ যোৱাৰ মুহূৰ্তত লাহোৱাল আৰক্ষীয়ে গোপন সূত্ৰ অনুসৰি লাহোৱাল ৰেল ষ্টেচন আটক কৰিবলৈ সক্ষম হয়। নাহৰকীয়াৰ যুৱক হেমন্ত গগৈ আৰু বুধিন গগৈ নেতৃত্ব চলি আছে বহি ৰাজ্যত নাৰী সৰবৰাহ কাৰ্য।

লাহোৱাল আৰক্ষীয়ে বৰ্তমান জেৰা অব্যাহত ৰাখিছে। যুৱক দুজনৰ লগত এখন বিলাসী বাহন জব্দ কৰিছে লাহোৱাল আৰক্ষীয়ে ।বাহন খনৰ নম্বৰৰ হৈছে AS 23 F 7761 আনহাতে ছাত্ৰী ৩গৰাকী নৱম আৰু দশম শ্ৰেণীত অধ্যয়ন কৰে বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in