ব্ৰিটেইনৰ সমানেই বৃহৎ এটুকুৰা গ্লেছিয়াৰ, গলিবলৈ আৰম্ভ কৰিছে গোলকীয় উষ্ণতাৰ বাবে

ব্ৰিটেইনৰ সমানেই বৃহৎ এটুকুৰা গ্লেছিয়াৰ, গলিবলৈ আৰম্ভ কৰিছে গোলকীয় উষ্ণতাৰ বাবে

ডিজিটেল ডেস্ক : ২ লাখ ৯ হাজাৰ বৰ্গ কিলোমিটাৰৰ ব্ৰিটেইন । এই বৃহৎ অঞ্চলে সামৰি আছে ইংলেণ্ড, স্কটলেণ্ড, ৱেলছ আৰু উত্তৰ আয়াৰলেণ্ডক । এনে এক বৃহৎ অঞ্চলৰ সমান আকাৰৰ এটুকুৰা গ্লেছিয়াৰ কল্পনা কৰিব পাৰেনে ? 

এই টুকুৰা গ্লেছিয়াৰৰ নাম হৈছে থৱাইটছ । এই গ্লেছিয়াৰ টুকুৰাই সামৰি আছে ১ লাখ ৯২ হাজাৰ বৰ্গ কিলোমিটাৰ জোৰা এক অঞ্চল । গোলকীয় উষ্ণতাৰ প্ৰতি খুবেই সংবেদনশীল এই গ্লেছিয়াৰ টুকুৰাত স্থাপন কৰা হৈছিল বহু কেইটা চেঞ্চৰ আৰু এক ৰ'বট । যি গোলকীয় উত্তাপৰ সলনিৰ সৈতেই গ্লেছিয়াৰ টুকুৰাৰ সালসলনিৰ প্ৰতি লক্ষ্য ৰাখিছিল ।

এই চেঞ্চৰ আৰু ৰ'বট স্থাপন কৰিছিল বৃটিছ এন্টাৰ্কটিক ছাৰ্ভে আৰু ইউ এছ এন্টাৰ্টিক প্ৰ'গ্ৰেমে । শেহতীয়াকৈ চেঞ্চৰ সমূহ আৰু ৰ'বটৰ পৰা প্ৰকাশ পোৱা তথ্য অনুসৰিয়েই লেহেমীয়া গতিত আৰম্ভ হৈছে গ্লেছিয়াৰ টুকুৰাৰ গলন । যি পৰৱৰ্তী পৰ্যায়ত এক বৃহৎ ৰূপ লোৱাৰ আশংকা কৰিব পৰা যায় । তেনেস্থলত ই যে পৃথিৱীবাসীলৈ এক ভয়ংকৰ সংকট কঢ়িয়াই আনিব সি ধুৰুপ ।

উল্লেখ্য যে, ১৯৯০ চনৰ পৰা‍ই গ্লেছিয়াৰ টুকুৰা ভূমিপৃষ্ঠৰ পৰা ধীৰে ধীৰে অতৰি আহিছিল গোলকীয় উত্তাপৰ ফলতেই । যাৰ ফলত এতিয়া ভূমিপৃষ্টৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ দূৰৈত গ্লেছিয়াৰ টুকুৰা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in