বেআইনীভাৱে সংগ্ৰহ কৰা ১৫টাকৈ মূৰ্তি ভাৰতক উভতাই দিব আমেৰিকা যুক্তৰাষ্ট্ৰই

বেআইনীভাৱে সংগ্ৰহ কৰা ১৫টাকৈ মূৰ্তি ভাৰতক উভতাই দিব আমেৰিকা যুক্তৰাষ্ট্ৰই

ডিজিটেল ডেস্ক : আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ববিখ্যাত 'মেট্ৰ'পলিটান মিউজিয়াম অৱ আৰ্টে' ভাৰতক উভতাই দিব চোৰাংকৈ সংগ্ৰহ কৰা ১৫ টাকৈ মূৰ্তি । কুখ্যাত সৰবৰাহকাৰী সুভাষ কাপুৰে ভাৰতৰ পৰা চোৰাংকৈ সৰবৰাহ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰত বিক্ৰী কৰিছিল এই মূৰ্তি কেইটা ।

উল্লেখ্য যে, বিগত ৩০ মাৰ্চত আয়োজিত এক সংবাদ মেলত সংগ্ৰহালয় কৰ্তৃপক্ষই ভাৰত চৰকাৰক এই মূৰ্তি কেইটা উভতাই দিব বুলি উল্লেখ কৰিছে । এই মূৰ্তি কেইটা ১ খ্ৰীষ্টপূৰ্বৰ পৰা ১১ খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল বুলিও জানিবলৈ দিয়ে সংগ্ৰহালয় কৰ্তৃপক্ষই । আনহাতে, এই মূৰ্তি কেইটা বিক্ৰী কৰা সুভাষ কাপুৰ বৰ্তমান কাৰাবন্দী হৈ আছে ভাৰততেই ।

স্মৰ্তব্য যে, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পুৰাতত্ব সম্পৰ্কে সংগ্ৰহালয়টো আগ্ৰহী হ'লেও বেআইনীভাৱে কোনো মূৰ্তি এনেদৰে সংগ্ৰহ কৰাৰ ক্ষেত্ৰত আগ্ৰহী নহয় বুলিও জানিবলৈ দিছিল কৰ্তৃপক্ষই । আনহাতে, এই মূৰ্তি কেইটা টেৰাক'তা, কপাৰ আৰু শিলেৰে নিৰ্মিত বুলি জনাইছে কৰ্তৃপক্ষই ।

কেৱল এয়াই নহয়, তুৰস্কৰ পৰা এনেদৰে সংগ্ৰহ কৰা তিনিখনকৈ পেইটিঙো একেদৰেই উভতাই দিছে সংগ্ৰহালয়টোৱে শেহতীয়াকৈ ।

বেআইনীভাৱে সংগ্ৰহ কৰা ১৫টাকৈ মূৰ্তি ভাৰতক উভতাই দিব আমেৰিকা যুক্তৰাষ্ট্ৰই
চিৰাঙৰ কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত প্ৰসূতিৰ অকাল মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in