/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/595ef177-9cd3-4413-95a6-02b66bceaa28/chirang_death.jpg)
ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলা সদৰ কাজলগাঁও স্থিত জেএচবি অসামৰিক চিকিৎসালয়ত পুনৰ প্ৰসূতি মহিলাৰ মৃত্যু হোৱাৰ ঘটনা সংঘটিত হয় । শুকুৰবাৰ নিশা কৰ্তব্যৰত চিকিৎসকৰ গাফিলতিৰ বাবেই সন্তান প্ৰসৱ কৰাৰ পিছতেই অকাল মৃত্যুক সাৱতিলে এগৰাকী ২৫ বছৰীয়া প্ৰসূতি মহিলাই এই অভিযোগ মৃত মহিলা গৰাকীৰ পৰিয়ালৰ আৰু আশাকৰ্মীৰ ।
জানিব পৰা মতে চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত দত্তপুৰ জাউলীয়াবাৰীৰ মাৰিয়ম চোৰেণ (২৫) নামৰ এক আদিবাসী গৰ্ভৱতী মহিলাক মাজনিশা নিশা কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল । মাজনিশা এক বজাত প্ৰসৱ যন্ত্ৰনাত উঠাত নাৰ্ছ, আশা সকলে চিকিৎসক গৰাকীক খবৰ দিয়ে কিন্তু কৰ্তব্যৰত চিকিৎসক গৰাকী সন্তান কোঠালীৰ পৰা ওলাই নহাত নাৰ্ছ সকলেই ১:৩০ মিনিটত মহিলা গৰাকীৰ সন্তান ভূমিষ্ঠ কৰায় ।
প্ৰসূতি বিভাগৰ চিকিৎসক গৰাকী অনুপস্থিত থকাত দন্ত চিকিৎসক এগৰাকী সন্তান ভূমিষ্ঠ হোৱাৰ আধা ঘণ্টা পিছত উপস্থিত হয় যদিও দুৰ্ভাগ্যজনক ভাৱে পুৱতি নিশা ৩:৩০ বজাত প্ৰসূতি গৰাকী গৰাকীয়ে অকাল মৃত্যুক সাৱতি লয় । মৃত মহিলা গৰাকীৰ পৰিয়াল আৰু আশাকৰ্মীৰ অভিযোগ কালি নিশা চিকিৎসক গৰাকী সময় মতে আহিলে হয়তো মাতৃ গৰাকীৰ এই অকাল মৃত্যুৰ ঘটনা নহলহেঁতেন ।
উল্লেখ্য যে কাজলগাঁৱৰ এই জেএচবি অসামৰিক চিকিৎসালয়ত ইয়াৰ পূৰ্বেও চিকিৎসকৰ গাফিলতিৰ বাৱে নৱজাতক আৰু মাতৃৰ অকাল মৃত্যুৰ অভিযোগ উত্থাপিত হৈছিল । প্ৰসূতিৰ অকাল মৃত্যুৰ খবৰ লাভ কৰি শনিবাৰে পুৱাৰ ভাগত চিকিৎসালয়ত সদৌ চাওঁতাল ছাত্র সন্থাৰ উপ সভাপতি উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু চিকিৎসকৰ গাফিলতি আৰু প্ৰসূতিৰ মৃত্যুৰ বিষয়টোৰ উচিত তদন্তৰ দাবী উত্থাপন কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us