নিতৌ নতুন নিয়মেৰে ভেকো ভাওনা টুইটাৰৰ

নিতৌ নতুন নিয়মেৰে ভেকো ভাওনা টুইটাৰৰ

ডিজিটেল ডেস্ক : ২০২২ চনৰ ১৪ এপ্ৰিলত টুইটাৰৰ মালিকীস্বত্ব লাভ কৰিছিল এলন মাস্কে । তাৰ পাছৰে পৰাই নিতৌ নতুন নিয়মেৰে সংবাদ মাধ্যমৰ শীৰ্ষস্থান দখল কৰি আহিছিল টুইটাৰে । ব্লু টিকৰ বাবেও এতিয়া টুইটাৰ ব্যৱহাৰকাৰীসকলে দিব লগীয়া হৈছিল মাচুল । একেদৰেই দাম নিৰ্ধাৰণ কৰা হৈছিল গ্ৰে' আৰু গোল্ডেন টিকৰ বাবেও ।

উল্লেখ্য যে, এতিয়াৰে পৰা মাইক্ৰ'ব্লগিং ছাইট টুইটাৰত বিভিন্নধৰণে প্ৰবন্ধ পঢ়াৰ বাবেও ব্যৱহাৰকাৰীসকলে মাচুল আদায় দিব লাগিব ।

টুইটাৰৰ স্বত্বাধিকাৰী এলন মাস্কে টুইটযোগে প্ৰকাশ কৰামতে আগন্তুক মাহৰ পৰা মিডিয়া প্ৰকাশকসকলে তেওঁলোকৰ বিভিন্নধৰণৰ প্ৰবন্ধৰ বাবদ টুইটাৰ ব্যৱহাৰকাৰীসকলৰ পৰা মাচুল আদায় ল'ব পাৰিব ।

এনে প্ৰবন্ধ পঢ়াৰ বাবে টুইটাৰ ব্যৱহাৰকাৰীসকলে মাহেকীয়া ছাবস্ক্ৰিপচন ল'ব পাৰিব । ছাবস্ক্ৰিপচন নোলোৱা ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ পছন্দৰ প্ৰবন্ধ পঢ়াৰ বাবে সুকীয়াকৈ মাচুল আদায়ৰো সুবিধা পাব । এই সিদ্ধান্তক মিডিয়া সংস্থা আৰু সাধাৰণ নাগৰিকৰ বাবে এক বৃহৎ বিজয় বুলি ঘোষণা কৰিছে এলন মাস্কে ।

নিতৌ নতুন নিয়মেৰে ভেকো ভাওনা টুইটাৰৰ
বোকাখাতত নিশা গুলীচালনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in