আমেৰিকালৈ যাব বিচাৰেনেকি? আপোনাৰ বাবে আছে ভাল খবৰ...

আমেৰিকালৈ যাব বিচাৰেনেকি? আপোনাৰ বাবে আছে ভাল খবৰ...

author-image
Asomiya Pratidin
New Update
আমেৰিকালৈ যাব বিচাৰেনেকি? আপোনাৰ বাবে আছে ভাল খবৰ...

আমেৰিকালৈ যাব বিচাৰেনেকি? আপোনাৰ বাবে আছে ভাল খবৰ...

ডিজিটেল ডেস্কঃ আপুনি আমেৰিকালৈ যাব বিচাৰে নেকি? যদি আপুনি চলিত বৰ্ষত আমেৰিকালৈ যাব বিচাৰে তেনে আপোনাৰ বাবে আছে এটা ভাল খবৰ।

Advertisment

এইবাৰ আমেৰিকাই অতি কমেও ১০ লাখ ভাৰতীকয়ক প্ৰদান কৰিব ভিছা। এই সন্দৰ্ভত ইতিমধ্যে জ’ বাইডেন প্ৰশাসনে সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য যে, এই সন্দৰ্ভত আমেৰিকা বৈদেশিক দপ্তৰৰ উপ-সচিব ড’নাল্ড লুৱে প্ৰকাশ কৰিছে। এক সাক্ষাতকাৰত তেওঁ কয়, চলিত বছৰৰ দ্বিতীয় ভাগত আমেৰিকাৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানত যিসকল শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণ কৰিব সেইসকল শিক্ষাৰ্থীৰ ভিছাৰ আৱেদন পৰ্যালোচনা প্ৰক্ৰিয়া গ্ৰীষ্মৰ ভিতৰতে সমাপ্ত হ’ব।

ইয়াৰ উপৰিও বিষয়া জনে কয় যে, এইছ ১ বি আৰু এল ভিছাৰ দৰে ৱৰ্ক ভিছাৰ আৱেদনকো আমেৰিকা চৰকাৰে সমানেই অগ্ৰাধিকাৰ দিছে। ফলত আমেৰিকাত অধ্য়য়ন অথবা কৰ্ম সংস্থাপনৰ বাবে যিসকল আগ্ৰহী তেওঁলোকে সুফল লাভ কৰিব।

Also Read: নৰেন্দ্ৰ মোডীৰ পৰিচালনাত পুলৱামা কাণ্ডৰ নাটক ! ভূপেন বৰাই বিচাৰিলে ১৩ টা প্ৰশ্নৰ উত্তৰ...

আমেৰিকা