নৰেন্দ্ৰ মোডীৰ পৰিচালনাত পুলৱামা কাণ্ডৰ নাটক ! ভূপেন বৰাই বিচাৰিলে ১৩ টা প্ৰশ্নৰ উত্তৰ...

নৰেন্দ্ৰ মোডীৰ পৰিচালনাত পুলৱামা কাণ্ডৰ নাটক ! ভূপেন বৰাই বিচাৰিলে ১৩ টা প্ৰশ্নৰ উত্তৰ...
নৰেন্দ্ৰ মোডীৰ পৰিচালনাত পুলৱামা কাণ্ডৰ নাটক ! ভূপেন বৰাই বিচাৰিলে ১৩ টা প্ৰশ্নৰ উত্তৰ...

ডিজিটেল ডেস্কঃ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি কুমাৰ বৰাই আজি ডিব্ৰুগড়ত এক সংবাদ মেল সম্বোধন কৰে। এই সংবাদ মেলত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে।

তেওঁ জন্মু আৰু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল তথা জ্যেষ্ঠ বিজেপি নেতা সত্যপাল মালিকে পুলৱামা কাণ্ডৰ বিষয়ে বিস্ফোৰক সাক্ষাৎকাৰৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নিমাত কিয় বুলি প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ উপৰিও তেওঁ কয়, সত্যপাল মালিকৰ সেই বিস্ফোৰক সাক্ষাৎকাৰ সন্দৰ্ভত আজিও বিজেপি চৰকাৰৰ কোনো প্ৰতিক্ৰিয়া নাই।

ইফালে সত্যপাল মালিকে পুলৱামা কাণ্ডৰ সন্দৰ্ভত কৰা মন্তব্যৰ পাছতে তেওঁৰ বিৰুদ্ধে চি বি আই লগোৱাৰ অভিযোগ তুলি বৰাই কয়, চি বি আই লগাই প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকক গ্ৰেপ্তাৰ কৰোৱাই সত্যক ঢাকিবলৈ বিচৰা হৈছে। সৰ্বোপৰি তেওঁ পুলৱামা কাণ্ডক নৰেন্দ্ৰ মোডীৰ পৰিচালনাত মঞ্চস্থ হোৱা এখন নাটক আখ্যা দিছে।

ভূপেন বৰাৰ মতে পুলৱামা কাণ্ডৰ জৰিয়তে দেশৰ ৪০ জন জোৱানৰ জীৱন বলিদান দি বিজেপিৰ ৰাজনৈতিক অভিষ্ঠ সিদ্ধি কৰিবলৈকে নৰেন্দ্ৰ মোডীৰ পৰিচালনাত এই নাটক মঞ্চস্থ হৈছিল। এই সংবাদ মেলতেই ভূপেন বৰাই মুঠ ১৩ টা প্ৰশ্ন উত্থাপন কৰিছে। এই প্ৰশ্ন সমূহ উত্থাপন কৰি তেওঁ কয়, এই প্ৰশ্ন সমূহৰ উত্তৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপি চৰকাৰে দেশৰ স্বাৰ্থতে ৰাজহুৱা কৰক।

ভূপেন কুমাৰ বৰাই উত্থাপন কৰা প্ৰশ্নসমূহঃ

  • পুলৱামা কাণ্ডৰ সময়ত কাশ্মীৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা বি জে পি দলৰ এগৰাকী নেতা সত্যপাল মালিক ডাঙৰীয়াই শেহতীয়াকৈ পুলৱামা কাণ্ডৰ কেতবোৰ নগ্ন সত্য উদঙাই দি ৪০ গৰাকী জোৱানৰ অনাকাংক্ষিত মৃত্যুৰ বাবে মোডী-চৰকাৰক সম্পূৰ্ণ জগৰীয়া কৰি তন্ন তন্নকৈ তথ্য ৰাজহুৱা কৰাৰ পিছতো মোডী ডাঙৰীয়া আৰু তেওঁৰ চৰকাৰৰ অস্বাভাৱিক মৌনতা কিয় ?

  • চি আৰ পি এফ বাহিনীয়ে ৫ খন উৰাজাহাজ বিচাৰিছিল। চি আৰ পি এফৰ অনুৰোধৰ পিছতো আশ্চর্যজনকভাবে বিমান দিবলৈ অস্বীকাৰ কৰিছিল মোডী চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্রালয়ে। কিন্তু অস্বীকাৰ কৰা হৈছিল। মোডী চৰকাৰে তাৰ উত্তৰ দিব পাৰিবনে?

  • ৫ খন বিমান দিবলৈ অস্বীকাৰ কৰাৰ পিছত চি আৰ পি এফৰ ৭৮ খন বাহনৰ সুবিশাল কনভয় কাশ্মীৰৰ অতি বিপদসংকূল অঞ্চলৰ মাজেৰে পঠিওৱাৰ আগেয়ে সমগ্র পথছোৱাত আগতীয়াকৈ কিয় নিশ্চিদ্র পহৰাৰ কোনো ব্যৱস্থা কৰা হোৱা নাছিল।

  • নিৰাপত্তা বাহিনীৰ আধুনিক নিৰীক্ষণ অথবা 'ছাৰভিলেঞ্চ ব্যৱস্থাৰ মাজতো ২০০ কিলোগ্ৰাম বাৰুদ আৰু ৩৫ কিলোগ্ৰাম আৰ ডি এক্স নির্বিঘ্নে লৈ কেনেকৈ সন্ত্রাসবাদীয়ে সেই পথত অবাধে বিচৰণ কৰাৰ সুবিধা পাইছিল?

  • সন্ত্রাসবাদীসকলে কেনেকৈ আৰু ক'ৰ পৰা ইমান বৃহৎ পৰিমাণৰ আৰ ডি এক্স লাভ কৰিছিল? ঘটনাৰ প্ৰায় ১০,১২ দিন আগৰ পৰাই পুলৱামাৰ আশে-পাশে সন্ত্ৰাসবাদীৰ এটা দলে আৰ ডি এক্সসহ গাড়ীত বিনা বাধাই ঘূৰি ফুৰিব পাৰিছিল কেনেকৈ? চোৰাংচোৱা তথা চৰকাৰে তাৰ সম্ভেদ নোপোৱাৰ ৰহস্য কি? গৃহ বিভাগৰ ব্যৰ্থতা কি ৰহস্যত ঢাকিবলৈ বিচৰা হৈছে?

  • তথ্য অনুসৰি জৈশ-ই-মহম্মদৰ তৰফৰ পৰা ভাবুকি প্ৰদান কৰা হৈছিল। কিন্তু জানি-শুনি এই ভাবুকি কিয় উপেক্ষা কৰা হৈছিল? দেশবাসীক তাৰ উত্তৰ মোডী চৰকাৰে দিব পাৰিবনে?

  • সত্যপাল মালিক ডাঙৰীয়াৰ বিস্ফোৰক সাক্ষাৎকাৰৰ পিছত ভাৰতৰ অবসৰপ্রাপ্ত সেনাধ্যক্ষ তথা পৰম বিশিষ্ট সেনা পদকেৰে বিভূষিত জেনেৰেল শঙ্কৰ ৰয়চৌধুৰী ডাঙৰীয়াই পুলবাৱামা কাণ্ডৰ বিষয়ে মত পোষণ কৰি কৈছে যে চি আৰ পি এফৰ তেনে এক বিশাল দল কাশ্মীৰৰ সেই স্পর্শকাতৰ স্থানেৰে পথেৰে যাত্ৰা কৰাটো ভয়ংকৰ ভুল আছিল আৰু এই ঘটনাৰ বাবে জগৰীয়া কেন্দ্ৰীয় চৰকাৰৰ তথা দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল। শ্ৰীৰয়চৌধুৰীয়ে পুলৱামা কাণ্ডক 'চোৰাংচোৱাৰ চূড়ান্ত ব্যৰ্থতাৰ ফল' বুলি অভিহিত কৰিছে।

  • প্রধানমন্ত্রী মোডী ডাঙৰীয়াই দেশৰ ৰাইজক জনাবনে পুলৱামা আক্রমণৰ তদন্তৰ কোনো উত্তৰ আজিও নোলাল ?

  • তেতিয়াৰ গৃহমন্ত্রী ৰাজনাথ সিঙে নিজৰ দায়িত্ব সঠিকভাবে পালন কৰিছিলনে?

  • পুলৱামা কাণ্ড চৰকাৰৰ গাফিলতিৰ ফল বুলি আৰু চি আৰ পি এফৰ অনুৰোধ স্বত্তেও প্রতিৰক্ষা মন্ত্রালয়ে ৫ খন বিমান যোগান নধৰাৰ বাবেই এই দুখজনক ঘটনাটো ঘটিবলৈ পালে বুলি ঘটনাৰ দিনা নিশাই প্রধানমন্ত্রী মোডীক তেতিয়াৰ ৰাজ্যপাল সত্যপাল মালিকে টেলিফোনত নিজৰ বক্তব্য জনাই দিয়াৰ লগে লগে এগৰাকী সাংবিধানিক পদবীত অধিষ্ঠিত ৰাজ্যপালক এই সম্পর্কে মুখ নুখুলিবলৈ স্বয়ং প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে ভাবুকি দি কৈছিল- তুম অভি চুপ ৰহো, য়ে মামলা কুছ অউৰ হ্য়েয়। কি 'কুছ অউৰ মামলা'? লক্ষ্যণীয়ভাবে এনে এটা অতি গুৰুতৰ অভিযোগৰ পিছতো বি জে পি দলৰ কোনো এজন নেতাই আজিলৈকে এই বিষয়ে কোনো ধৰণৰ প্ৰতিক্রিয়া দিব নোৱৰাটোৱে কি সুচায়?

  • উচ্চ-পৰ্যায়ৰ তদন্ত কৰোৱাৰ পৰিৱৰ্তে সত্যপাল মালিকে গুৰুতৰ তথা ৰাজহুৱা কৰাৰ মাত্র ১০ দিনৰ পিছতে ওলোটাই প্রাক্তন ৰাজ্যপাল সত্যপাল মালিককহে চি বি আইক ব্যৱহাৰ কৰি সত্য উন্মোচন'ৰ অপৰাধত গ্ৰেপ্তাৰ কৰোওৱাটোৱে কি সূচায়?

  • সন্ত্ৰাসবাদীৰ আক্ৰমণত ৪০ জনকৈ জোৱানে জীৱন ত্যাগ কৰিবলগীয়া হোৱা দুৰ্ভাগ্যজনক ঘটনাটোৰ সময়ত দেশৰ প্রধানমন্ত্রীজনে জিম কৰবেট বন্যপ্রাণী উদ্যানৰ ভিতৰত সম্পূর্ণ যোগাযোগ বিচ্ছিন্ন হৈ ঘণ্টাৰ পিছত ঘণ্টা ধৰি এটা দুঃসাহসিক ফটো শ্বুট'ত অংশগ্ৰহণ কৰি আছিল। বহু পলমকৈহে অৰণ্যৰ পৰা ওলাই ওচৰৰ এখন 'ধাবা'ৰ পৰা তেতিয়াৰ ৰাজ্যপাল সত্যপাল মালিকক ফোন কৰি ঘটনাৰ খবৰ লৈছিল। এয়া এগৰাকী প্ৰধানমন্ত্ৰীৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ পৰিচায়ক নহয়নে ?

  • সত্যপাল মালিক ডাঙৰীয়াই লগতে কৈছে যে প্রধানমন্ত্রী মোডী ডাঙৰীয়াৰ দুর্নীতিৰ ক্ষেত্ৰত কোনো আপত্তি নাই। উদাহৰণ হিচাপে তেওঁ কৈছে যে, যেতিয়া তেওঁ গোৱাৰ ৰাজ্যপাল হৈ আছিল, তেতিয়া মুখ্যমন্ত্ৰীব দুৰ্নীতিৰ বিষয়ে নিজে মোডী ডাঙৰীয়াক অৱগত কৰাইছিল। তেতিয়া 'না খাউংগা, না খানে দুংগা' বুলি ৰাইজক শুনোৱা মোদীডী ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোনো পদক্ষেপ নলৈ তাৎক্ষণিক ভাবে সত্যপাল মালিককহে বিশেষ উৰাজাহাজ পঠিয়াই গোৱাৰ দায়িত্বৰ পৰা আঁতৰাই আনিছিল। এয়া প্ৰধানমন্ত্ৰীগৰাকীৰ দুমুখীয়া চৰিত্ৰৰ নমুন নহয়নে?

নৰেন্দ্ৰ মোডীৰ পৰিচালনাত পুলৱামা কাণ্ডৰ নাটক ! ভূপেন বৰাই বিচাৰিলে ১৩ টা প্ৰশ্নৰ উত্তৰ...
১২৪ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'ব ৰংঘৰ প্ৰকল্পঃ তলাতল ঘৰেও পাব নতুন ৰূপ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in