হিণ্ডেনবাৰ্গ অতীতঃ চীনক ৰুধিবলৈ আদানিৰ বন্দৰত বিনিয়োগ কৰিব আমেৰিকাই !

হিণ্ডেনবাৰ্গ অতীতঃ চীনক ৰুধিবলৈ আদানিৰ বন্দৰত বিনিয়োগ কৰিব আমেৰিকাই !
হিণ্ডেনবাৰ্গ অতীতঃ চীনক ৰুধিবলৈ আদানিৰ বন্দৰত বিনিয়োগ কৰিব আমেৰিকাই !

ডিজিটেল ডেস্কঃ চীনক বাধা দিবলৈ নতুন কৌশল আমেৰিকাৰ। ভাৰতীয় ধন কুবেৰ গৌতম আদানিৰ বন্দৰত বিশাল অংকৰ ধন বিনিয়োগ কৰিবলৈ আগবাঢ়িছে মাৰ্কিন সংস্থাই।

উল্লেখ্য যে, শ্ৰীলংকাৰ কলম্বো বন্দৰত আদানি গোটৰ আছে বৃহৎ শ্বেয়াৰ। এই বন্দৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা চৰকাৰী সংস্থাই বৃহৎ পৰিমাণৰ বিনিয়োগ কৰিব।

বিগত বছৰত শ্ৰীলংকাৰ অৰ্থনীতি ধ্বংস হৈ পৰাৰ পাছৰে পৰা ভাৰত আৰু আমেৰিকাই ৰাষ্ট্ৰখনৰ অধিক কাষ চাপি বিপদৰ বন্ধু হোৱাৰ চেষ্টা অব্যাহত ৰাখিছে।তাৰ মাজতে শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি আন্তৰ্জাতিক উন্নয়ন বিত্ত নিগম (আই চি এফ চি)-এ ভাৰতীয় মুদ্ৰা অনুসৰি আদানিৰ বন্দৰত ৪ হাজাৰ কোটি টকা বিনিয়োগ কৰিবলৈ সাজু হৈছে।

কোম্পানীটোৱে এক বিবৃতিত কয় যে, এই বন্দৰটোৱে শ্ৰীলংকাৰ অৰ্থনীতি উন্নত কৰাত যথেষ্ট সহায় কৰিব। এই বন্দৰটোৱে দক্ষিণ-পূব এছিয়াৰ আন আন দেশসমূহৰ মাজত সহজ বাণিজ্যৰ পথো মুকলি কৰিব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংস্থাটোৱেও বিবৃতিটোত ভাৰতৰ কথাও উল্লেখ কৰিছে। কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া স্কট নাথনে কয়, আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰশান্ত মহাসাগৰত অধিক সক্ৰিয় হ'ব বিচাৰে। কাৰণ পৃথিৱীৰ অৰ্থনীতি এই অঞ্চলৰ পৰা পৰিচালিত হয়।

বিশেষজ্ঞসকলৰ মতে, আমেৰিকাৰ চৰকাৰী সংস্থাটোৰ এই পদক্ষেপৰ আঁৰত আছে আন এক উদ্দেশ্য। এই উদ্দেশ্য হৈছে দক্ষিণ চীন সাগৰ আৰু প্ৰশান্ত মহাসাগৰত শক্তিশালী হৈ উঠা চীনক প্ৰতিহত কৰা।

উল্লেখ্য, যোৱা বছৰত  চীনে শ্ৰীলংকাৰ হাম্বানটোটা বন্দৰত বৃহৎ বিনিয়োগ কৰিছিল। চীনক অনুসৰণ কৰি এতিয়া আমেৰিকাই আদানিৰ শ্বেয়াৰত বিনিয়োগ কৰিছে।

ইফালে আমেৰিকান সংস্থা হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পাছতে যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে গৌতম আদানি। তেওঁৰ বিশ্বাসযোগ্যতাক লৈ বিশ্বজুৰি প্ৰশ্ন উত্থাপিত হৈছে।

এনে পৰিস্থিতিত যদি আমেৰিকান সংস্থাটোৱে তেওঁৰ শ্বেয়াৰত বিনিয়োগ কৰে তেন্তে আদানিয়ে কিছু সকাহ লাভ কৰাৰ উপৰিও যি খ্যাতি হেৰুৱালে সেই খ্যাতিও পুনৰুদ্ধাৰ কৰিব পাৰিব।

হিণ্ডেনবাৰ্গ অতীতঃ চীনক ৰুধিবলৈ আদানিৰ বন্দৰত বিনিয়োগ কৰিব আমেৰিকাই !
সাগৰ তলিত আছে সোণ, ৰূপৰ ভাণ্ডাৰ ! উদ্ধাৰৰ বাবে চলিছে ''ৰাষ্ট্ৰিয় অভিযান''...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in