সাগৰ তলিত আছে সোণ, ৰূপৰ ভাণ্ডাৰ ! উদ্ধাৰৰ বাবে চলিছে ''ৰাষ্ট্ৰিয় অভিযান''...

সাগৰ তলিত আছে সোণ, ৰূপৰ ভাণ্ডাৰ ! উদ্ধাৰৰ বাবে চলিছে ''ৰাষ্ট্ৰিয় অভিযান''...
সাগৰ তলিত আছে সোণ, ৰূপৰ ভাণ্ডাৰ ! উদ্ধাৰৰ বাবে চলিছে ''ৰাষ্ট্ৰিয় অভিযান''...

ডিজিটেল ডেস্কঃ সাগৰৰ পৃষ্ঠত থকা গুপ্ত অলংকাৰৰ ভাণ্ডাৰক লৈ চলিছে চৰ্চা। সাগৰৰ তলিৰ পৰা এই গুপ্ত অলংকাৰৰ ভাণ্ডাৰ উদ্ধাৰৰ বাবে চলিছে প্ৰস্ততি। কলম্বিয়াৰ উপকূলত কেৰিবয়ান সাগৰৰ তলত কোটি কোটি টকাৰ সোণ, ৰূপকে ধৰি বহু মূল্যবান সম্পদ থকাৰ সম্ভেদ পাইছে কলম্বিয়াই।

সেয়েহে দেশখনৰ চৰকাৰে সমুদ্ৰগৰ্ভৰ পৰা এই সম্পদ উলিয়াই আনিবৰ বাবে চেষ্টা কৰিছে। সাগৰৰ তলিত চৰকাৰখনে যি অভিযান চলাইছে সেই অভিযানক ''ৰাষ্ট্ৰীয় অভিযান'' হিচাপে আখ্যা দিছে।

সংগৃহীত প্ৰতিনিধিত্বমূলক ফটো
সংগৃহীত প্ৰতিনিধিত্বমূলক ফটো

কলম্বিয়া চৰকাৰৰ দাবী, কেৰিবিয়ান সাগৰৰ তলিত ২০০ টন সোণ, ৰূপ আৰু পান্না আছে। তেওঁলোকৰ মতে এখন জাহাজে এই বিশাল সম্পদৰাজি কঢ়িয়াই নিয়াৰ সময়ত ধ্বংস হৈ সাগৰৰ তলিত বিলীন হৈছিল।

ইফালে প্ৰকাশিত খবৰ অনুসৰি জাহাজখনত থকা এই সম্পদৰ মূল্য ভাৰতীয় টকাক হিচাপত আনুমানিক ১,৬৬,৫২৮ কোটি টকা।  

কিন্তু এতিয়া প্ৰশ্ন হয় কলম্বিয়া চৰকাৰ এই কথা সত্যনে? সঁচাকৈয়ে কেৰিবায়ন সাগৰৰ তলিত লুকাই আছে নেকি সোণ, ৰূপৰ এই ভণ্ডাৰ? ডুবাৰু সকলে কি তথ্য বা বিশ্বাসৰ আধাৰত সাগৰ তলিত এই অভিযান চলাবলৈ গৈছে?

সংগৃহীত প্ৰতিনিধিত্বমূলক ফটো
সংগৃহীত প্ৰতিনিধিত্বমূলক ফটো

ব্ৰিটিছ সংবাদ পত্ৰ ডেইলী মেইলৰ বাতৰি অনুসৰি ১৭০৮ চনত কলম্বিয়াৰ কাৰ্টাজেনা বন্দৰৰ কাষত এখন স্পেনিছ জাহাজ ডুবিছিল। ব্ৰিটিছৰ সৈতে যুদ্ধ হোৱাৰ ফলত জাহাজখনত থকা বাৰুদত অগ্নিসংযোগ হৈছিল আৰু জাহাজখনত বিস্ফোৰণ ঘটি সাগৰ তলিত ডুব গৈছিল।  

জাহাজখন এইদৰে ডুব যোৱাৰ সময়ত তাত আছিল সোণৰ ভাণ্ডাৰ। প্ৰতিবেদন অনুসৰি ১৭০৮ চনত পানামৰ পোৰ্টবেলোৰ পৰা ১৪ খন বাণিজ্যিক জাহাজ আৰু ৩ খন যুদ্ধ জাহাজে যাত্ৰা কৰিছিল।

এই জাহাজ কেইখন ব্ৰিটিছ বাহিনীৰ মুখামুখি হৈছিল। আৰু তেতিয়াই দুয়োপক্ষৰ মাজত সৃষ্টি হৈছিল সংঘাত। কলম্বিয়াৰ বুৰঞ্জীবিদসকলে হেৰুওৱা সেই সোণ,ৰূপৰ ভাণ্ডাৰ বিচাৰি ইতিহাসৰ আঁত ধৰি অভিযান আৰম্ভ কৰিছে।

সংগৃহীত প্ৰতিনিধিত্বমূলক ফটো
সংগৃহীত প্ৰতিনিধিত্বমূলক ফটো

তেওঁলোকৰ দাবী কেৰিবিয়ান সাগৰৰ তলত ডুব যোৱা জাহাজখন চকুতলগা আছিল। ২০১৫ ত কলম্বিয়াৰ নৌসেনাৰ ডুবাৰৰ এটা দলে এই জাহাজখন আৱিষ্কাৰ কৰা দাবী কৰিছে।

এই জাহাজখন সাগৰৰ ৩ হাজাৰ ফুট তলত আছে। সোণৰ অলংকাৰৰে পৰিপূৰ্ণ জাহাজখনৰ কেতবোৰ ফটোও ২০২২ ত  প্ৰকাশ কৰিছিল তেওঁলোকে।  তেতিয়াৰে পৰা ইয়াৰ সন্ধানত তথা উদ্ধাৰৰ বাবে অভিযান চলি আহিছে।

সাগাৰ তলত সম্ভেদ পোৱা সেই গুপ্ত অলংকাৰ ভাণ্ডাৰক লৈ অৱশ্যে বিতৰ্কৰো সূচনা হৈছে। বলিভিয়াৰ এক থলুৱা গোষ্ঠীয়ে এই সম্পত্তি তেওঁলোকৰ বুলি দাবী কৰিছে। তেওঁলোকৰ দাবী স্পেইনে তেওঁলোকৰ পূৰ্বপুৰুষসকলক সোণ আৰু ৰূপ খনন কৰিবলৈ বাধ্য কৰিছিল। সাগৰ তলিৰ এইয়া সেই ধনৰে অংশ।

সংগৃহীত প্ৰতিনিধিত্বমূলক ফটো
সংগৃহীত প্ৰতিনিধিত্বমূলক ফটো

আনহাতে, এটা আমেৰিকান কোম্পানীয়ে দাবী কৰিছে যে সাগৰ তলিত লুকাই থকা ধনখিনি তেওঁলোকৰহে।এই কোম্পানীটোৱে কৈছে যে, তেওঁলোকে ১৯৮১ চনত জাহাজখনৰ অৱস্থান অনুসৰণ কৰিছিল।

কোম্পানীটোৱে অভিযোগ কৰিছে, তেতিয়াৰ কলম্বিয়া চৰকাৰে তেওঁলোকক আধা সম্পত্তি দিয়াৰ প্ৰতিশ্ৰুতি দি তেওঁলোকৰ পৰা তথ্য চুৰি কৰিছিল। কলম্বিয়া চৰকাৰৰ মতে ২০২৬ চনৰ ভিতৰত সাগৰৰ তলিৰ পৰা এই সম্পদ আহৰণৰ অভিযান সমাপ্ত কৰিব।

সাগৰ তলিত আছে সোণ, ৰূপৰ ভাণ্ডাৰ ! উদ্ধাৰৰ বাবে চলিছে ''ৰাষ্ট্ৰিয় অভিযান''...
নাৰী শক্তি বন্দন আইন গৃহীত হ'ল : সলনি নহ'ল ৰাজনৈতিক দলৰ নাৰীৰ প্ৰতি ধাৰণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in