কলম্বোস্থিত বন্দৰ টাৰ্মিনেলৈ আমেৰিকাৰ ৫৫৩ মিলিয়ন ডলাৰৰ বিত্তীয় সাহায্য

কলম্বোস্থিত বন্দৰ টাৰ্মিনেলৈ আমেৰিকাৰ ৫৫৩ মিলিয়ন ডলাৰৰ বিত্তীয় সাহায্য

ডিজিটেল ডেস্কঃ ভাৰতীয় ব্যৱসায়ী গৌতম আদানীৰ উদ্যোগত উন্নয়ন হোৱা শ্ৰীলংকাৰ ৰাজধানীস্থিত বন্দৰ টাৰ্মিনেলৰ বাবে আমেৰিকাই ৫৫৩ মিলিয়ন ডলাৰৰ বিত্তীয় সাহায্য প্ৰদান কৰিব। ইয়াৰ মূল লক্ষ্য হৈছে ভাৰত আৰু আমেৰিকাৰ যুটীয়া প্ৰচেষ্টাত দক্ষিণ এচিয়ান দেশসমূহৰ পৰা ৰঙা চীনৰ প্ৰভাৱ হ্ৰাস কৰা।

ডি এফ চিয়ে এক বিবৃতিত কয় যে, এই বিনিয়োগে শ্ৰীলংকাৰ অৰ্থনৈতিক বিকাশ আৰু দুয়োখন দেশৰ মূল অংশীদাৰ ভাৰতকে ধৰি ইয়াৰ আঞ্চলিক অৰ্থনৈতিক সংহতিক অধিক শক্তিশালী কৰিব। উল্লেখ্য যে, কলম্বোৰ কণ্টেইনাৰ টাৰ্মিনেলটোত কৰা বিনিয়োগ এছিয়াত আমেৰিকাৰ চৰকাৰী সংস্থাটোৱে কৰা আটাইতকৈ ডাঙৰ আন্তঃগাঁথনি বিনিয়োগ, আৰু বিশ্বজুৰি ইয়াৰ আটাইতকৈ ডাঙৰ বিনিয়োগৰ ভিতৰত অন্যতম। উল্লেখ্য যে, এই বন্দৰটোৰ উন্নয়নৰ বাবে ভাৰত, শ্ৰীলংকা আৰু আমেৰিকা তিনিওখন দেশে সংযুক্তভাৱে কাম কৰিব।

উল্লেখ্য যে, ২০২৩ চনত মুঠ ৯.৩ বিলিয়ন ডলাৰ ডিএফচি বিনিয়োগৰ বিশ্বব্যাপী ত্বৰণৰ অংশ হিচাপে এই বিনিয়োগ কৰা হৈছে। আমেৰিকাৰ এজন বিষয়াই কয় যে, এই বিনিয়োগ শ্ৰীলংকাৰ বন্দৰ বিত্তীয় সাহায্যক সমগ্ৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত উন্নয়ন প্ৰকল্পত অধিক নিয়োজিত হোৱাৰ প্ৰতিশ্ৰুতিৰ প্ৰতীক।

যোৱা বছৰৰ শেষলৈকে চীনে শ্ৰীলংকাত প্ৰায় ২.২ বিলিয়ন ডলাৰ বিনিয়োগ কৰিছিল। আমেৰিকাৰ বিষয়াসকলে শ্ৰীলংকাত কৰা চীনৰ এই বিনিয়োগক চীনৰ “ঋণ ফান্দৰ কূটনীতি”ৰ অংশ বুলি ৰাজহুৱাভাৱে সমালোচনা কৰে।

কলম্বোস্থিত বন্দৰ টাৰ্মিনেলৈ আমেৰিকাৰ ৫৫৩ মিলিয়ন ডলাৰৰ বিত্তীয় সাহায্য
বগীবিল দলঙত ভয়ংকৰ দুৰ্ঘটনা : নিহত এজন, আহত কেইবাজনো

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in