বগীবিল দলঙত ভয়ংকৰ দুৰ্ঘটনা : নিহত এজন, আহত কেইবাজনো

বগীবিল দলঙত ভয়ংকৰ দুৰ্ঘটনা : নিহত এজন, আহত কেইবাজনো

ডিজিটেল ডেস্কঃ বগীবিল দলঙত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। ৩খন ডাম্পাৰ আৰু এখন মেজিকৰ মাজত সংঘটিত হৈছে এই দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় বগীবিল চাউলখোৱা নিবাসী তৰুণ কুলী (৫৪)। বহুকেইজন লোক আহত। আহত লোক কেইজনক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে।

জানিব পৰা মতে, শিল ভৰ্তি ডাম্পাৰৰ মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হৈছে এই দুৰ্ঘটনা। চিলাপথাৰ দিশৰ পৰা শিল ভৰ্তি দুখন ডাম্পাৰ ক্ৰমে - AS06/BC 6669 আৰু AS 07/AC 5227 নম্বৰৰ সৈতে বিপৰীতে ডিব্ৰুগড় দিশৰ পৰা আহি থকা AS06 CC 0146 নম্বৰৰ পঞ্জীয়নভুক্ত ডাম্পাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ইপিনে ডিব্ৰুগড় দিশৰ পৰা ডাম্পাৰৰ পিছপিনে আহি থকা যাত্ৰাবাহী মেজিক খনে দূৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনক প্ৰচণ্ড খুন্দা মৰাত থিতাতে নিহত হয় মেজিকৰ চালক।

এই দুৰ্ঘটনাৰ ফলত দুৰ্ঘটনা বাহন কেইখনৰ বিস্তৰ ক্ষতি হয়। দুৰ্ঘটনাৰ পাছতেই ঘটলাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত আৰু আহতসকলক উদ্ধাৰ কৰে। উল্লেখ্য যে এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে, দুৰ্ঘটনাগ্ৰস্ত বাহনৰ ৰ'ড কাটি আৰক্ষীয়ে লোকসকলক উদ্ধাৰ কৰিবলগীয়া হৈছে।

এই দুৰ্ঘটনাৰ ফলত এতিয়া বগীবিল দলঙত যথেষ্ট যান-জঁটৰ সৃষ্টি হৈছে। আহতসকলক ততাতৈয়াকৈ নিকটৱৰ্তী হাস্পতালত ভৰ্ত্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।

বগীবিল দলঙত ভয়ংকৰ দুৰ্ঘটনা : নিহত এজন, আহত কেইবাজনো
মহানগৰীত ৬ কোটি টকাৰ ড্ৰাগছসহ ৪ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in