প্ৰযুক্তিৰ জগতত অসমীয়া যুৱকৰ সাফল্যঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল ভাস্কৰ ডেকা

প্ৰযুক্তিৰ জগতত অসমীয়া যুৱকৰ সাফল্যঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল ভাস্কৰ ডেকা

ডিজিটেল ডেস্কঃ গোলকীয় প্ৰযুক্তিবিদ্যা জগতত অসমীয়া যুৱকৰ সাফল্য। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগশাৰীৰ প্ৰকাশনে সন্মানিত কৰিলে এজন অসমীয়া যুৱকক। যুক্তৰাষ্ট্ৰখনৰ আগশাৰীৰ প্ৰকাশন "মানৱ সম্পদ কাৰ্যবাহী"(Human Resources Executive)য়ে প্ৰকাশ কৰা এই বৰ্ষৰ শীৰ্ষ ১০০জন গোলকীয় প্ৰযুক্তি বিষয়াৰ নাম তালিকাত সন্নিবিষ্ট হৈছে গুৱাহাটীৰ ভাস্কৰ ডেকাৰ নাম।

গুগল, অৰেকল, ডিজনী, ফেচবুক, এছএপি আদিৰ দৰে গোলকীয় কোম্পানীৰ শীৰ্ষ প্ৰযুক্তি বিষয়াসকলৰ নামেৰে ভৰি থকা বাৰ্ষিক তালিকাখনত চিলিকন ভেলীস্থিত এক প্ৰতিষ্ঠানৰ প্ৰযুক্তি কাৰ্যবাহী ভাস্কৰ ডেকাৰ নাম অন্তৰ্ভুক্ত থকাতো স্বাভাৱিকতেই অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। প্ৰকাশন গোষ্ঠীটোৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নামসমূহত ভাৰতীয় মূলৰ ৬জন ব্যক্তিৰ নাম উল্লেখ আছে আৰু ইয়াৰ ভিতৰত ভাস্কৰ ডেকা অন্যতম। আনহাতে ডেকা হৈছে এই সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া।

১৯৯৫ চনত আমেৰিকালৈ প্ৰব্ৰজন কৰা ভাস্কৰ ডেকা চিলিকন ভেলীৰ অৰেকল কৰ্পোৰেচনৰ দৰে শীৰ্ষ প্ৰতিষ্ঠানত অভিযান্ত্ৰিক আৰু প্ৰডাক্ট মেনেজমেণ্টৰ জ্যেষ্ঠ নেতৃত্বৰ পদত অধিষ্ঠিত হৈ আছে। তদুপৰি তেওঁ বৰ্তমান গ্ল'বেল ভাইছ প্ৰেছিডেণ্ট (জিভিপি) ও জেনেৰেল মেনেজাৰ আৰু কৰ্ণাৰষ্টোন অন ডিমাণ্ডৰ জ্যেষ্ঠ নেতৃত্ব দলৰ সদস্য, যাৰ ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে কাৰ্যালয় থকাৰ লগতে বাৰ্ষিক ৰাজহ বহু বিলিয়ন ডলাৰ বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ভাস্কৰ ডেকা গুৱাহাটীৰ ৰাজগড়ৰ পূব শৰণীয়াৰ নিবাসী মৃণালিনী ডেকা আৰু স্বৰ্গীয় ৰাজেন্দ্ৰ নাথ ডেকাৰ জ্যেষ্ঠ পুত্ৰ। কটন কলেজিয়েট হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰা ডেকাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান লাভ কৰাৰ লগতে গণিত, বিজ্ঞান আৰু অসমীয়া সাহিত্যত সৰ্বাধিক নম্বৰ লাভ কৰাৰ বাবে অসম বিজ্ঞান সমাজ বঁটা লাভ কৰিছিল। পৰৱৰ্তী পৰ্যায়ত উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে কটন মহাবিদ্যালয়ত যোগদান কৰা ডেকাই কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিদ্যাত স্নাতক ডিগ্ৰী (বি.ই.) লাভ কৰি বিৰলা ইনষ্টিটিউট অৱ টেকন'লজীৰ পৰা সুখ্যাতিৰে প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টন বিশ্ববিদ্যালয়ৰ পৰা কৃত্ৰিম বুদ্ধিমত্তা আৰু বিশেষজ্ঞ প্ৰণালীৰ ওপৰত গুৰুত্ব দি কম্পিউটাৰ বিজ্ঞানত স্নাতকোত্তৰ (এম.এছ.) ডিগ্ৰী লাভ কৰা ভাস্কৰ ডেকাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলগ স্কুল অফ মেনেজমেণ্টৰ পৰা এমবিএ ডিগ্ৰীও লাভ কৰে।

প্ৰযুক্তিৰ জগতত অসমীয়া যুৱকৰ সাফল্যঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল ভাস্কৰ ডেকা
ৰাষ্ট্ৰপতিৰ হাতেৰে ধেমাজিৰ দুই কৃষকে গ্ৰহণ কৰিলে কৃষকৰ বিশেষ বঁটা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in