/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/ea96790f-659e-4612-af7a-95bb714bf065/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল ডেস্কঃ ধেমাজিৰ দুই কৃষকে লাভ কৰিছে ভাৰত চৰকাৰৰ বিশেষ বঁটা। ধেমাজিৰ কৃষক বলীন পাত্ৰ আৰু চিলাপথাৰৰ কৃষক বিজয় লক্ষ্মী পামেলৈ "প্লান্ট জিনম চেভিঅৰ এৱাৰ্ড" প্ৰদান কৰিছে ভাৰত চৰকাৰে ৷ বাওধান সংৰক্ষণ আৰু ৰঙা চাউলৰ বৈদেশিক বাণিজ্যৰ লগতে কৃষি ক্ষেত্ৰত আগবঢ়োৱা বৰঙনিৰ এই বঁটা প্ৰদান কৰা হৈছে দুয়োকে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/a50d784b-727e-4e73-bb58-d4b6a968367b/d74653f1_c5c2_4fe6_ae98_baf4815a1736.jpg)
ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ে আগবঢ়োৱা বঁটাত আছে একলাখ টকাৰ নগদ ধন ৷ ধেমাজিৰ চিলাপথাৰৰ বিজয় পামে আৰু ধেমাজিৰ লাখটকীয়াৰ বলীন পাত্ৰই মঙলবাৰে ৰাষ্ট্ৰপতিৰ হাতেৰে এই বঁটা গ্ৰহণ কৰে ৷ দিল্লীত অনুষ্ঠিত হোৱা ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ কৃষকৰ অধিকাৰ সন্দৰ্ভত গোলকীয় কৃষক সন্মিলনত এই বঁটা প্ৰদান কৰা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/34643756-537b-41bc-8c77-6c4494d58ac8/dedb76c2_3810_4c9a_8199_ea6e748834af.jpg)
উল্লেখ্য যে, কৃষক দুজনে অসমৰ থলুৱা বাওধানৰ জাত সংৰক্ষণ আৰু কৃষিকৰ্মৰ লগতে ৰপ্তানী বাণিজ্যৰ বাবে অসম কৃষি বিশ্ব বিদ্যালয় আৰু উত্তৰ লখিমপুৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ অনুমোদন ক্ৰমে এই বঁটাৰ বাবে নিৰ্বাচিত হৈছিল ৷
Also Read: মৰক্কোত অন্ত পৰা নাই কন্দোনৰ ৰোলঃ বৃদ্ধি পায়েই আছে মৃতকৰ সংখ্যা