উত্তপ্ত পৰিস্থিতিঃ প্ৰতিবাদকাৰীয়ে ৫০০তকৈ অধিক অট্টালিকা, ২০০০ খন বাহনৰ উপৰি জ্বলাই দিলে চৰকাৰী সম্পত্তি

উত্তপ্ত পৰিস্থিতিঃ প্ৰতিবাদকাৰীয়ে ৫০০তকৈ অধিক অট্টালিকা, ২০০০ খন বাহনৰ উপৰি জ্বলাই দিলে চৰকাৰী সম্পত্তি

ডিজিটেল ডেস্কঃ বিগত কেইদিনমান ধৰি জ্বলি আছে প্ৰেমৰ চহৰ ফ্ৰান্স । দেশখনৰ হিংসাৰ জুই বহুকেইখন চহৰ লৈ ইতিমধ্যেই বিয়পি পৰিছে । পিছে দেশখনত হঠাৎ এনে উত্তপ্ত পৰিস্থিতিৰ কাৰণ হৈছে মঙলবাৰে পেৰিছৰ নাইলত সংঘটিত এক ঘটনা । এজন ১৭ বছৰীয়া আফ্ৰিকান-মৰক্কোৰ কিশোৰৰ ওপৰত আৰক্ষীয়ে যান-বাহন আইন নিয়ম ভংগ কৰাৰ বাবে গুলীচালনা কৰে । ফলত ঘটনাস্থলীতেই কিশোৰ জন মৃত্যু মুখত পৰে । এই ঘটনাৰ পিছতেই উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰি আছে দেশখনত ।

কিশোৰগৰাকীৰ মৃত্যুৰ পিছতেই দেশখনৰ হাজাৰ-হাজাৰ জনতাই বৰ্ণ বৈষম্যৰ অভিযোগ উত্থাপন কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । ফান্সৰ এই হিংসাত্মক ঘটনা দেওবাৰে ষষ্ঠ দিনত প্ৰৱেশ কৰিছে । প্ৰতিবাদী জনতাই আৰক্ষী, প্ৰশাসনৰ লোকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । দেশখনৰ চৰকাৰে এই প্ৰতিবাদ ৰোধ কৰিবলৈ বহু কেইটৈ পদক্ষেপ গ্ৰহণ কৰিছে যদিও বৰ্তমানে পৰিস্থিতি শাম কটা নাই ।

চৰকাৰী তথ্য অনুসৰি প্ৰতিবাদকাৰীয়ে ইতিমধ্যেই দেশৰ প্ৰায় ৫০০ত কৈও অধিক অট্টালিকাত জুই লগাই দিয়াৰ উপৰিও ২০০০ খন গাড়ী জ্বলাই দিছে । দেশখনৰ মুঠ ৪০০০ত কৈ অধিক স্থানত অগ্নি সংযোগ কৰিছে প্ৰতিবাদকাৰীয়ে । পুথিভঁৰাল চৰকাৰী বাসভৱন একো বাদ দিয়া নাই প্ৰতিবাদকাৰীয়ে সকলোতে অগ্নিসংযোগ কৰিছে প্ৰতিবাদী জনতাই ।

দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে এই ঘটনাক গৰিহণা দিছে । প্ৰতিবাদকাৰী সৰহভাগেই যুৱ প্ৰজন্ম । সেয়ে বৰ্তমান দেশখনৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাৰ পিছতেই ৰাষ্ট্ৰপতিগৰাকীয়ে শুকুৰবাৰে এক বৈঠকৰ অন্তত এই হিংসাত্মক পৰিস্থিতিৰ ববাে ভিডিঅ' গেম আৰু সামাজিক মাধ্যমক দোষাৰোপ কৰিছে । কিয়নো সামাজিক মাধ্যমৰ জৰিয়তে হিংসা অধিক বিয়পি পৰিছিল । ৰাষ্ট্ৰপতিগৰাকীয়ে অভিভাৱকসকললৈ তেওঁলোকৰ সন্তানক হিংসাৰ পৰা আঁতৰাই ৰাখিবলৈ এক বাৰ্তা প্ৰেৰণ কৰিছে।

উত্তপ্ত পৰিস্থিতিঃ প্ৰতিবাদকাৰীয়ে ৫০০তকৈ অধিক অট্টালিকা, ২০০০ খন বাহনৰ উপৰি জ্বলাই দিলে চৰকাৰী সম্পত্তি
কলম্বিয়াৰ মাজ আকাশত দুৰ্ঘটনাত হৈ পতিত দুখনকৈ যুঁজাৰু বিমান, লগেই লগেই নিহত...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in