কলম্বিয়াৰ মাজ আকাশত দুৰ্ঘটনাত হৈ পতিত দুখনকৈ যুঁজাৰু বিমান, লগেই লগেই নিহত...

কলম্বিয়াৰ মাজ আকাশত দুৰ্ঘটনাত হৈ পতিত দুখনকৈ যুঁজাৰু বিমান, লগেই লগেই নিহত...

ডিজিটেল ডেস্কঃ কলম্বিয়াৰ মাজ আকাশত দুখন যুঁজাৰু বিমান দুৰ্ঘটনাত পতিত হৈছে । বিমান কেইখন দুৰ্ঘটনাত পতিত হোৱাৰ লগেই লগেই জুই লাগে বিমান কেইখনত । অনুশীলনৰ সময়ত বিমান কেইখন সংঘৰ্ষৰ ফলত দুজন পাইলটৰ মৃত্যু হৈছে ।

কলম্বিয়া ডব্লিউ ৰেডিঅ'ৰ মতে, শনিবাৰে এপি বায়ু সেনা ঘাটিত যুঁজাৰু বিমানৰ প্ৰশিক্ষণৰ অনুশীলন চলি আছিল । অনুশীলন কৰি থকাৰ সময়তে এখন বিমান আনখনৰ কাষেৰে পাৰ হওঁতেই লগা-লগি হোৱাৰ ফলত দুৰ্ঘটনাত পতিত হৈ লগে-লগেই বিস্ফোৰণ হৈ বিমান কেইখন তললৈ খহি পৰে ।

দেশখনৰ বায়ুসেনা সূত্ৰই প্ৰকাশিত তথ্য অনুসৰি দুৰ্ঘটনাৰ ফলত লগে লগেই দুয়োজন পাইলট নিহত হৈছে । আইএএফৰ এজন বিষয়াৰ মন্তব্য অনুসৰি, "প্ৰাথমিক ভাৱে, দুয়োখন বিমানৰ মাজৰ দুৰ্ঘটনাৰ কাৰণ সংঘৰ্ষৰ বুলি ধাৰণা কৰা হৈছে ।" অৱশ্যে, প্ৰকৃততে কি ঘটিছিল আৰু কোনো যান্ত্ৰিক ত্ৰুটি আছিল নেকি সেয়া অনুসন্ধান কৰা হ'ব । আইএএফৰ সূত্ৰঅনুসৰি, দুৰ্ঘটনাগ্ৰস্ত হোৱা দুখন বিমান আছিল টি-২৭।

কলম্বিয়াৰ মাজ আকাশত দুৰ্ঘটনাত হৈ পতিত দুখনকৈ যুঁজাৰু বিমান, লগেই লগেই নিহত...
সলনি হ’ল দীঘলীপুখুৰীৰ নাম

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in