নিজৰ দেশতেই বোমা পেলালে ৰাছিয়ান ফাইটাৰ জেটে

নিজৰ দেশতেই বোমা পেলালে ৰাছিয়ান ফাইটাৰ জেটে

ডিজিটেল ডেস্ক : যুদ্ধৰ ধ্বংসলীলাই মোহাচ্ছন্ন কৰি ৰাখিছে ৰাছিয়াক । যুদ্ধৰ বাহিৰে যেন একো নেদেখাই হৈ গৈছে চাৰিওদিশে । কেৱল হত্যাযজ্ঞ চলাই যিকোনো প্ৰকাৰে ইউক্ৰেইনক বশ কৰিব লাগে । কিন্তু এই ক্ষেত্ৰত ৰাছিয়াৰ সকলোতকৈ ডাঙৰ ভুলটো হ'ল - উদ্দেশ্য ।

ৰাছিয়াৰ সেনাৰ হাতত ইউক্ৰেইনৰ নিৰীহ জনতাক হত্যা কৰাৰ কোনো উদ্দেশ্য নাছিল, আছিল মাথো চৰকাৰী আদেশ । আনহাতে, ইউক্ৰেইনীয়ান সেনাৰ হাতত আছিল মাতৃভূমিক ৰক্ষাৰ উদ্দেশ্য । যি উদ্দেশ্যই বিগত এটা বছৰতকৈও বেছি সময় যুদ্ধত মনোবল বঢ়াই গ'ল ইউক্ৰেইনৰ ।

কিন্তু ধীৰে ধীৰে ম্লান হৈ আহিল ৰাছিয়া । এটাৰ পাছত আনটো ভুল কৰি গ'ল যুদ্ধক্ষেত্ৰত । এইবাৰ ৰাছিয়াৰ এক ফাইটাৰ জেটে ভুলবশত: ৰাছিয়াতেই বোমা পেলালে ইউক্ৰেইন বুলি ।

এই কথা সদৰি কৰে খোদ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে । এই বোমাই বেলগৰড চহৰৰ মাজমজিয়াত ৬০ ফুট দ' এটি প্ৰকাণ্ড গাত সৃষ্টি কৰাৰ লগতে কেইবাটাও অট্টালিকাও ধ্বংস কৰে । ইয়াৰ ওপৰিও দুগৰাকী মহিলা গুৰুতৰ ভাৱে আহতো হয় এই বোমাৰ ফলত । এই বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে ৰাজপথত থকা এখন গাড়ী চিটিকি নিকটৱৰ্তী অট্টালিকা এটাৰ চাদত পৰেগৈ । সৌভাগ্যক্ৰমে বিস্ফোৰণৰ সময়ছোৱা পুৱতি নিশা হোৱাৰ বাবে আঘাতপ্ৰাপ্তৰ সংখ্যা কেৱল দুজনতেই সীমাবদ্ধ হয় ।

নিজৰ দেশতেই বোমা পেলালে ৰাছিয়ান ফাইটাৰ জেটে
অমিতাভ বচ্চন, শ্বাহৰুখ খানৰ পৰা যোগী আদিত্য নাথলৈ একাংশই হেৰুৱালে টুইটাৰৰ ব্লু টিক

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in