ভাৰাঘৰৰ দাম বেছি ! আৱৰ্জনাৰ মাজত সাজিলে নিজৰ ঘৰ...

ভাৰাঘৰৰ দাম বেছি ! আৱৰ্জনাৰ মাজত সাজিলে নিজৰ ঘৰ...

ডিজিটেল ডেস্ক : সঠিক মূল্যত এটি ঘৰ বিচৰা যেন কেৱল ভাৰতৰেই সমস্যা নহয়, বৰং সমগ্ৰ বিশ্বৰেই । ক'ৰ'বাত হয়তো চৰা দাম, ক'ৰবাত হয়তো পছন্দ নহয় ঘৰটো । একেই সমস্যাত ভুগিছিল বৃটেইনৰ এগৰাকী শিল্পী হেৰিচন মাৰ্শ্বাল । অত্যাধিক দামৰ বাবে কোনো বাসগৃহ ভাৰালৈ ল'ব নোৱাৰি আৱৰ্জনাৰ পাহাৰৰ মাজতেই সাজি উলিয়ালে নিজাকৈ এটা বাসগৃহ । কেৱল ৪,৮০০ ইউৰোৰে সজা এই বাসগৃহটোৰ নাম দিছে স্কিপ হাউছ । কউকিন ষ্টুডিঅ' নামৰ এটি নিৰ্মাণকাৰী সংস্থাৰ প্ৰতিষ্ঠাপক হেৰিচন মাৰ্শ্বালে সাজি উলিওৱা এই বাসগৃহটোত নাই কোনো অত্যাৱশ্যকীয় সামগ্ৰী । কেৱল নিজৰ প্ৰয়োজনীয় সুবিধা সমূহ হে উপলব্ধ স্কিপ হাউছত ।

মাৰ্শ্বালৰ মন্তব্য অনুসৰি, তেখেতৰ কৰ্মস্থলীৰ নিকটৱৰ্তী অঞ্চলত কেৱল আৱৰ্জনাৰ পাহাৰখনেই আছিল তেখেতে ব্যয় কৰিব পৰা খৰচৰ ভিতৰত । সেয়ে তেওঁ এই পদক্ষেপ ল'বলৈ বাধ্য হয় । অৱশ্যে এই সন্দৰ্ভত কোনো আক্ষেপ নাই মাৰ্শ্বালৰ । বৰং সামাজিক মাধ্যমত তেখেতৰ নতুন বাসগৃহটোৰ আলোকচিত্ৰ প্ৰকাশ কৰাৰ পিছত সমগ্ৰ বিশ্বৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হে হৈছে ।

উল্লেখ্য যে, ইউনাইটেড কিংডমত ইউৰোপৰ শেহতীয়া মুদ্ৰাস্ফীতিৰ পাছত সকলোতকৈ বেছি বৃদ্ধি হোৱা মূল্যসমূহৰ ভিতৰত অন্যতম আছিল বাসগৃহৰ দাম । যাৰ বাবে সামাজিক মাধ্যমত এই সম্মপৰ্কে নিৰন্তন অভিযোগ কৰি আহিছিল নাগৰিকসকলে । তাৰেই মাজতে হেৰিচনৰ দৰে  উপায়ো ল'বলৈ বাধ্য হৈছিল বহু কেইজন ।

ভাৰাঘৰৰ দাম বেছি ! আৱৰ্জনাৰ মাজত সাজিলে নিজৰ ঘৰ...
উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন উদ্যোগৰ বাবে সুখবৰ ! ২১ মাৰ্চৰ পৰা ভাৰত গৌৰৱ ৰে'ল সেৱা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in