উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন উদ্যোগৰ বাবে সুখবৰ ! ২১ মাৰ্চৰ পৰা ভাৰত গৌৰৱ ৰে'ল সেৱা...

উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন উদ্যোগৰ বাবে সুখবৰ ! ২১ মাৰ্চৰ পৰা ভাৰত গৌৰৱ ৰে'ল সেৱা...

ডিজিটেল ডেস্ক : উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে সততেই বহি:ৰাজ্যত বৰ্ণ বৈষম্যৰ চিকাৰ হৈ অহাৰ কাহিনী হয়তো সকলোৰে জ্ঞাত । বৰ্তমানৰ সজাগতাৰ পাছত এই সংখ্যা হ্ৰাস পালেও একেবাৰে বন্ধ হৈ পৰা নাই । তাৰ সৈতেই ভাৰতৰ অন্য প্ৰান্তৰ লোকসকলৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগোলিক জ্ঞান এতিয়াও হাস্যকৰ বহু পৰ্যায়ত । অৱশ্যে জাতীয়তাবাদীদলৰ পৰিৱৰ্তে কেন্দ্ৰীয় দলসমূহৰ সক্ৰিয় ভূমিকাত এতিয়া সেইয়াও হ্ৰাস পাইছে । কিন্তু উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন উদ্যোগে ঠন ধৰি উঠিব পৰা নাই তাৰ পাছতো ।

উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন উদ্যোগটোকো নকৈ জীপাল কৰি তোলাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ ৰে'ল সেৱা । ভাৰতীয় ৰে'ল সেৱাই ভাৰত গৌৰৱ নামে এক ৰে'লৰ জৰিয়তে ১৫ দিনীয়া এক যাত্ৰাত ভ্ৰমণ কৰাব অসম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ মুখ্য পৰ্যটনস্থলীসমূহ ।

উল্লেখ্য যে, ২১ মাৰ্চ,২০২৩ ত দিল্লীৰ চফদৰজং ষ্টেচনৰ পৰা আৰম্ভ হৈ অসমৰ গুৱাহাটী, ফৰকাটিং, শিৱসাগৰ আৰু কাজিৰঙা; ত্ৰিপুৰাৰ উনাকতি, আগৰতলা আৰু উদয়পুৰ; নাগালেণ্ডৰ ডিমাপুৰ আৰু ক'হিমা ঠিক একেদৰেই মেঘালয়ৰ শ্বিলং আাৰু চেৰাপুঞ্জী ভ্ৰমণ কৰিব ৰে'লখনে । এই সন্দৰ্ভত ভাৰতীয় ৰে'ল সেৱাৰ এক শীৰ্ষ বিষয়াৰ মন্তব্য অনুসৰি, "এক ভাৰত, শ্ৰেষ্ঠ ভাৰত" আৰু :দেখো অপনা দেশ" আচনিৰ অধীনত দেশৰ পৰ্যটন বিভাগক আৰু অধিক শক্তিশালী কৰি তুলিবলৈ এই প্ৰচেষ্টা হাতত লোৱা হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in