আমেৰিকাৰ চৰকাৰী বিদ্যালয়ত শিকোৱা হ'ব হিন্দী ভাষা!

আমেৰিকাৰ চৰকাৰী বিদ্যালয়ত শিকোৱা হ'ব হিন্দী ভাষা!

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়াৰে পৰা শিকিব পাৰিব হিন্দী! প্ৰথমবাৰৰ বাবে আমেৰিকাৰ বিদ্যালয়ত হিন্দী ভাষা শিকোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি আমেৰিকাৰ কেলিফৰ্ণিয়াস্থিত চিলিকন ভেলীত প্ৰথমবাৰৰ বাবে দুখন চৰকাৰী বিদ্যালয়ত শিকোৱা হব হিন্দী। বিশ্ব ভাষা হিচাপে এই বিদ্যালয় দুখনত হিন্দী শিকোৱা হব। হিন্দীক বৈকল্পিক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তক ফ্ৰেমন্টৰ ভাৰতীয় আমেৰিকান সকলে আদৰণি জনাইছে। উল্লেখ্য যে, কেলিফৰ্ণিয়াৰ ফ্ৰেমন্টত যথেষ্ঠসংখ্যক ভাৰতীয় আছে।

ফ্ৰেমন্ট ইউনিফাইড স্কুল ডিষ্ট্ৰিক্ট বোৰ্ডে ১৭ জানুৱাৰীত এই প্ৰস্তাৱ গৃহীত কৰিছে। এই প্ৰস্তাৱত আছে যে, আগষ্টৰ পৰা আৰম্ভ হবলগীয়া ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে হৰ্ণাৰ মিডিল স্কুল আৰু ইৰভিংটন হাইস্কুলৰ পাঠ্যক্ৰমত হিন্দী ভাষা শিকোৱা হব। হৰ্ণাৰ মিডিল স্কুল আৰু ইৰভিংটন হাইস্কুলৰ ৬৫ শতাংশ ছাত্ৰ-ছাত্ৰী ভাৰতীয়, যিসকলে এতিয়া আমেৰিকাত বাস কৰি আছে।

আমেৰিকাৰ চৰকাৰী বিদ্যালয়ত শিকোৱা হ'ব হিন্দী ভাষা!
গুৱাহাটীত ৰাহুল গান্ধীয়ে কৰিব নোৱাৰিব ন্যায় যাত্ৰা, সম্বোধন কৰিব নোৱাৰিব সংবাদ মেল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in