গুৱাহাটীত ৰাহুল গান্ধীয়ে কৰিব নোৱাৰিব ন্যায় যাত্ৰা, সম্বোধন কৰিব নোৱাৰিব সংবাদ মেল

বৰ্তমান ভাৰত জোড়ো ন্যায় যাত্ৰাত আছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। উজনি অসমৰ কেইবাঠাই ভ্ৰমণ কৰাৰ পাছত শনিবাৰে অৰুণাচললৈ যায় গান্ধীয়ে।

author-image
Asomiya Pratidin
New Update
গুৱাহাটীত ৰাহুল গান্ধীয়ে কৰিব নোৱাৰিব ন্যায় যাত্ৰা, সম্বোধন কৰিব নোৱাৰিব সংবাদ মেল

ডিজিটেল ডেস্কঃ বৰ্তমান ভাৰত জোড়ো ন্যায় যাত্ৰাত আছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। উজনি অসমৰ কেইবাঠাই ভ্ৰমণ কৰাৰ পাছত শনিবাৰে অৰুণাচললৈ যায় গান্ধীয়ে।

Advertisment

ইয়াৰ মাজতে জ্যেষ্ঠ কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়াই শনিবাৰে অভিযোগ কৰি কয় যে মহানগৰ আৰক্ষী প্ৰশাসনে গুৱাহাটীৰ মাজেৰে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অনুমতি নিদিলে। অনুমতি বিচাৰি প্ৰশাসনলৈ পত্ৰ প্ৰেৰণ কৰিছিল যদিও কংগ্ৰেছে যাত্ৰাৰ বাবে নাপালে অনুমতি।

তেওঁ আৰু কয়, ভাৰত জোড়ো ন্যায় যাত্ৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাব পাৰিব। খানাপাৰা-বশিষ্ঠ হৈ লখৰা-গড়চুক যাব পাৰিব ৰাহুল গান্ধীৰ যাত্ৰা। কংগ্ৰেছ নেতা গৰাকীয়ে আমবাৰীত এখন সংবাদমেল সম্বোধন কৰাৰ কথা আছিল। কিন্তু এই সংবাদ মেলো সম্বোধন কৰাৰ অনুমতি নাপালে গান্ধীয়ে।

কংগ্ৰেছে লগতে অভিযোগ কৰি কয় যে, নেতাগৰাকীৰ আমন্ত্ৰণৰ বাবে লখিপুৰৰ বিভিন্ন ঠাইত কংগ্ৰেছৰ নেতা-কৰ্মীয়ে বেনাৰ-পোষ্টাৰ আদি লগাইছিল। এই সমূহো ১৯ জানুৱাৰীৰ নিশা দুস্কৃতিকাৰীয়ে ফালি পেলাই। ইতিমধ্যে লখিমপুৰ জিলা কংগ্ৰেছে এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।

Also Read: কিশোৰীয়ে সন্তান জন্ম দিয়াৰ পাছত পোহৰলৈ আহিল দলবদ্ধ ধৰ্ষণ কাণ্ড...

rahul gandhi congress