টুইটাৰৰ ব্য়ৱহাৰ কৰা আগত চাওক এই খবৰ, প্ৰৱন্ধ পঢ়িবলৈ লাগিব ধন...

ইলন মাস্কে টুইটাৰৰ দায়িত্ব লোৱাৰ পৰা বহুতো পৰিৱৰ্তন ঘটাইছে । কৰ্মচাৰীৰ অব্যাহতিকে ধৰি টুইটাৰৰ ব্লু টিকলৈকে বহুতো ক্ষেত্ৰত সাল-সলনি ঘটাইছে । বৰ্তমানে ব্লু টিক অধিকাৰীসকলে ভৰিব লাগে ধন
টুইটাৰৰ ব্য়ৱহাৰ কৰা আগত চাওক এই খবৰ, প্ৰৱন্ধ পঢ়িবলৈ লাগিব ধন...

ডিজিটেল ডেস্কঃ ইলন মাস্কে টুইটাৰৰ দায়িত্ব লোৱাৰ পৰা বহুতো পৰিৱৰ্তন ঘটাইছে । কৰ্মচাৰীৰ অব্যাহতিকে ধৰি টুইটাৰৰ ব্লু টিকলৈকে বহুতো ক্ষেত্ৰত সাল-সলনি ঘটাইছে । বৰ্তমানে ব্লু ট্ৰিকৰ অধিকাৰীসকলে ভৰিব লাগে ধন ।

শেহতীয়াকৈ টুইটাৰে চাবস্কক্ৰিপছনৰ মুকলি কৰিছে ।এই কথা এক টুইটযোগে স্বত্বাধীকাৰীগৰাকীয়ে জনাইছে । য'ত তেওঁ উল্লেখ কৰিছে যে সংবাদ মাধ্যম কোনো প্ৰৱন্ধ নাইবা লেখাৰ ক্ষেত্ৰত গ্ৰাহকৰ পৰা পৰা প্ৰতিটো প্ৰবন্ধৰ ওপৰত ভিত্তি কৰি চাৰ্জ ল’ব । এয়া কাৰ্যকৰী হ’ব মে' মাহৰ পৰা ।

যি সকল নিয়মীয়া গ্ৰাহক পঢ়ুৱৈ নহয় তেওঁলোকে কোনো এটা প্ৰৱন্ধ পঢ়িবৰ বাবে পৰিশোধ কৰিব লাগিব মাচুল । এই সন্দৰ্ভত মাস্কে টুইট কৰি কয় যে অহা মাহৰ পৰা এইয়া কাৰ্যকৰী হোৱাৰ লগ লগেই প্ৰতি-প্ৰৱন্ধৰ এপৰত ভিত্তিত কৰি ব্যৱহাৰকাৰীসকলে চাৰ্জ ভৰিব লাগিব ।

যিসকলে মাহিলী সদস্যতাৰ বাবে ছাইন আপ নকৰা ব্যৱহাৰকাৰীসকলক মাজে মাজে প্ৰবন্ধ এটা পঢ়িব বিচৰা ব্যৱহাৰকাৰীসকলৰ ক্ষেত্ৰত কাৰ্যকৰী হ’ব । আৰু এই পদক্ষেপৰ দ্বাৰা মিডিয়া আৰু ৰাইজ সকলোৰে জয় হ’ব বুলিও উল্লেখ কৰে স্বত্বাধিকাৰীগৰাকীয়ে ।

টুইটাৰৰ ব্য়ৱহাৰ কৰা আগত চাওক এই খবৰ, প্ৰৱন্ধ পঢ়িবলৈ লাগিব ধন...
নৃসংশ! নিৰ্বিচাৰ গুলিচালনাত ৫ পাঁচ জনৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in