নৃসংশ! নিৰ্বিচাৰ গুলিচালনাত ৫ পাঁচ জনৰ মৃত্যু...

ক্ৰমাৎ বন্ধুক সংস্কৃতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ যাৰ ফলত ইতিমধ্যেই বহু নিৰিহে প্ৰাণ হেৰুৱাইছে ৷ শনিবাৰে পুনৰ একেটা পৰিয়ালৰ ৮ বছৰীয়া শিশুসহ ৫ জনকৈ লোক নিহত হৈছে ৷
নৃসংশ! নিৰ্বিচাৰ গুলিচালনাত ৫ পাঁচ জনৰ মৃত্যু...

ডিজিটেল ডেস্কঃ ক্ৰমাৎ বন্দুক সংস্কৃতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ যাৰ ফলত ইতিমধ্যেই বহু নিৰিহে প্ৰাণ হেৰুৱাইছে ৷ শনিবাৰে পুনৰ একেটা পৰিয়ালৰ ৮ বছৰীয়া শিশুসহ ৫ জনকৈ লোক নিহত হৈছে ৷

এই ঘটনা সংঘটিত হৈছে টেক্সাছত ৷ হিউষ্টনৰ পৰা প্ৰায় ৪৫ মাইল উত্তৰে থকা ক্লিভলেণ্ড চহৰত যোৱা নিশা এজন ব্যক্তিয়ে বন্দুক লৈ চুবুৰীয়া পৰিয়াল এটাৰ নিৰ্বিচাৰ গুলিচালনা কৰে ৷

৩৮ বছৰীয়া ফ্ৰাঞ্চিস্কো অৰোপেজা নামৰ লোকজনে এই জঘণ্য কাণ্ড সংঘটিত কৰি পলায়ন কৰি আছে বুলি শেহতীয়াকৈ আৰক্ষীয়ে মন্তব্য প্ৰদান কৰিছে ৷

বৰ্তমানেও ওৰোপেজাৰ বিছাৰি অনুসন্ধান অব্যাহত ৰাখিছে ৷ মবাইলসহ অভিযুক্তজনে ব্যৱহাৰ কৰা বহুতো সামগ্ৰী আৰক্ষীয়ে জব্দ কৰিছে ৷ আৰক্ষীয়ে মন্তব্য কৰা অনুসৰি অভিযুক্তজনে গুলিওয়াৰ সময়ত এআৰ ৰাইফল ব্যৱহাৰ কৰিছিল।

হিউষ্টন ফিল্ড অফিচাৰ এফবিআইৰ বিশেষ এজেণ্ট জেমছ স্মিথে ঘটনা সন্দৰ্ভত কয় যে, আমি ব্যক্তিজনক বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছো । লগতে সশস্ত্ৰৰে অইদৰে লোকজন ঘূৰি ফুৰাটো অতিকে বিপদজনক বুলি ভাবো বুলি মন্তব্য প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে টেক্সাছত বিগত বছৰত বহুকেইটা গুলিচালনাৰ ঘটনা সংঘটিত হৈছে ৷ য’ত বহুতে প্ৰাণ হেৰুৱাব লগা হৈছে ৷

নৃসংশ! নিৰ্বিচাৰ গুলিচালনাত ৫ পাঁচ জনৰ মৃত্যু...
হুঁচৰি পৰিৱেশন কৰি পোৱা ধনেৰে বৃদ্ধাশ্ৰমৰ আইমাতৃ সকলক দিলে খাদ্য সামগ্ৰী...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in