হেকাৰৰ কবলত টুইটাৰ, তথ্য চুৰি ব্যৱহাৰকাৰীৰ

হেকাৰৰ কবলত টুইটাৰ, তথ্য চুৰি ব্যৱহাৰকাৰীৰ

ডিজিটেল ডেস্ক : আতংকিত টুইটাৰ ব্যৱহাৰকাৰী । হেকাৰ চক্ৰৰ কবলত বিশ্বৰ অন্যতম সামাজিক মাধ্যম টুইটাৰ । এই দাবী ইজৰাইলৰ বিশেষজ্ঞৰ ।

উল্লেখ্য যে, হেকাৰ চক্ৰই টুইটাৰত প্ৰায় ২০ কোটি ব্যৱহাৰকাৰীৰ গুৰুত্বপূৰ্ণ তথ্য চুৰি কৰাৰ কথা পোহৰলৈ আহিছে । হেকাৰ চক্ৰই ব্যৱহাৰকাৰীসকলৰ ই-মেইল এড্ৰেছ চুৰি কৰি অনলাইন হেকিং ফ'ৰামত প'ষ্ট কৰা বুলি প্ৰকাশ কৰিছে ইজৰাইলৰ বিশেষজ্ঞই ।

ইজৰাইলৰ চাইবাৰ ছিকিউৰিটি মনিটৰিং ফাম হাডছন ৰকৰ সহযোগী প্ৰতিষ্ঠাপক অল'ন গেলে দাবী কৰা মতে যোৱা ২৪ ডিছেম্বৰত তেওঁলোকে এই বিষয়ত জ্ঞাত হয় । অৱশ্যে ইলন মাস্কৰ মালিকাধীন টুইটাৰ প্ৰতিষ্ঠানটোৱে এই বিষয় সন্দৰ্ভত বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই । অনুমান অনুসৰি ২০২১ চনৰ পৰাই হেকাৰ চক্ৰই এনেদৰে তথ্য চুৰি কৰি আহিছে টুইটাৰৰ পৰা ।

এতিয়া প্ৰশ্ন হয়, সামাজিক মাধ্যম কিমান সুৰক্ষিত ব্যৱহাৰকাৰী সকলৰ বাবে ? ব্যক্তিগত তথ্য পৰ্যন্ত সংগ্ৰহ কৰিব পৰা এই হেকাৰৰ বিৰুদ্ধে কি পদক্ষেপ লোৱা হ'ব আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত ? আনহাতে, শেহতীয়াকৈ বিশ্বৰ অগ্ৰণী উদ্যোগপতি ইলন মাস্কে টুইটাৰৰ মালিকীস্বত্ব লোৱাৰ পিছত সকলোতকৈ প্ৰথমে সুৰক্ষা ব্যৱস্থা সলনি হ'ব বুলি কৈছিল যদিও এই বাতৰিয়ে তাৰেই বিফলতাক উদঙাই দিছে । 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in