টুইটাৰ ব্য়ৱহাৰকাৰীৰ বাবে দু:খবৰ! পুনৰ এল'ন মাক্সৰ x(টুইটাৰ) ডাউন

টুইটাৰ ব্য়ৱহাৰকাৰীৰ বাবে দু:খবৰ!  পুনৰ এল'ন মাক্সৰ x(টুইটাৰ) ডাউন

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে হঠাৎ ডাউন হৈ পৰে টুইটাৰ। যাৰ বাবে টুইটাৰ ব্যৱহাৰকাৰীসকলে যথেষ্ঠ সমস্যাৰ সন্মুখীন হৈছে। পূৰ্বেও টুইটাৰ ব্যৱহাৰকাৰীসকলে এনে সমস্যাৰ সন্মুখীন হৈছে, যাৰ বাবে সময়ৰ আপডেট সময়ত দিব নোৱাৰাক লৈ ক্ষোভিত হৈ পৰিছে।

x(টুইটাৰ)ব্যৱহাৰকাৰীসকলে ইয়াকে লৈ সামাজিক মাধ্যমত বিভিন্নধৰণৰ কথা লিখিছে। টুইটাৰক x লৈ পৰিৱৰ্তন কৰাৰ পিছৰে পৰা টুইটাৰ ব্যৱহাৰকাৰীসকলে ইটোৰ পিছত সিটো সমস্যাৰ সন্মুখীন হৈ আহিছে।

Downdetectorৰ তথ্য অনুসৰি প্ৰায় ৪৭ হাজাৰ আমেৰিকাৰ টুইটাৰ ব্যৱহাৰকাৰীয়ে ৰিপ'ৰ্ট কৰিছে। টুইটাৰৰ এই সমস্যা ৱ্লু টিক থকা একাউন্ট ব্যৱহাৰকাৰী সকলেও ভুগিছে।

যেতিয়াৰে পৰা এল'ন মাক্সে টুইটাৰৰ জগতখন চোৱা-চিতাৰ কাম হাতত লৈছে, তেতিয়াৰে পৰা ইটোৰ পিছত সিটো সমস্যাই দেখা দিছে। টুইটাৰ আৰম্ভণিৰে পৰা উন্নত কৰিবলৈ এই এপটোৰ বহুটো আপডেট অনা হৈছিল, কিন্তু ইয়াকে লৈ সুখী নহয় টুইটাৰ ব্যবহাৰকাৰীসকল।

উল্লেখ্য যে, পূৰ্বে টুইটাৰ ৰাজনৈতিক নেতাৰ লগতে তাৰকাসকলৰ মাজত অতি জনপ্ৰিয় এপ আছিল। কিন্তু যেতিয়াৰে পৰা এল'ন মাক্সে টুইটাৰ কিনি x লৈ পৰিৱৰ্তন কৰিলে তেতিয়াৰে পৰা বিভিন্নজনে ইয়াক ব্যৱহাৰ কৰা কমাই দিলে। টুইটাৰ এটা অতি সহজ মাধ্যম যাৰ জৰিয়তে আপুনি বিভিন্নজনক ফ'লো কৰিব পাৰে, তেওঁলোকৰ বিষয়ে জানিব পাৰে।

টুইটাৰ ব্য়ৱহাৰকাৰীৰ বাবে দু:খবৰ!  পুনৰ এল'ন মাক্সৰ x(টুইটাৰ) ডাউন
অফাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in