Advertisment

অফাৰ...

বিনামূল্যে কিবা এটা পালে কাকনো নালাগে। সেই সুযোগ লৈ ব্যৱসায়ীক প্ৰতিষ্ঠান-কোম্পানীবোৰে প্ৰায়ে এনে কিছু কৌশলৰে গ্ৰাহকক আকৰ্ষণ কৰাৰ চেষ্টা চলায়।

New Update
অফাৰ...

বিনামূল্যে কিবা এটা পালে কাকনো নালাগে। সেই সুযোগ লৈ ব্যৱসায়ীক প্ৰতিষ্ঠান-কোম্পানীবোৰে প্ৰায়ে এনে কিছু কৌশলৰে গ্ৰাহকক আকৰ্ষণ কৰাৰ চেষ্টা চলায়। উৎসৱৰ বতৰত প্ৰায়বোৰ ব্যৱসায়ীক প্ৰতিষ্ঠান কোম্পানীয়ে গ্ৰাহকলৈ বিভিন্ন অফাৰ ঘোষণা কৰে।

Advertisment

পূজাৰ বতৰত গাড়ী বিক্ৰী প্ৰতিষ্ঠানৰ পৰা কাপোৰ প্ৰস্তুত কৰা কোম্পানীলৈকে সকলোৱে সেই সুবিধা গ্ৰাহকলৈ আগবঢ়ায়। বিহুৰ সময়তো অসমৰ দোকানে-পোহাৰে অফাৰৰ উজান উঠে।

কোনোবাই যদি এটা কিনিলে আন এটা বিনামূল্যে দিয়ে, আন কোনোবাই ৭০-৮০ শতাংশ ৰেহাই আদি দি সেই সুযোগ ল'বলৈ বিজ্ঞাপন কাকত-আলোচনী, ইলেক্ট্ৰনিক সংবাদ মাধ্যম, বেনাৰ, হৰ্ডিঙৰ জৰিয়তে প্ৰচাৰ কৰে।

এয়া ব্যৱসায়ৰ অন্যতম কৌশল হৈ পৰিছে। নিতৌ কেনেকৈ গ্ৰাহকক প্ৰলোভিত আৰু আকৰ্ষিত কৰিব পাৰি সেই চিন্তা কৰি থাকে এচামে। নতুন বছৰ সন্মুখত। খ্ৰীষ্টমান, ৩১ ডিচেম্বৰ, মাঘৰ বিহু, নতুন বছৰত মানুহবোৰো উৎসৱমুখী হৈ পৰে।

গাড়ী বিক্ৰী কৰা প্ৰতিষ্ঠানসমূহে গ্ৰাহকৰ বাবে ইতিমধ্যে নতুন নতুন আঁচনি অফাৰৰ ৰূপত মুকলি কৰিছে। কেনেদৰে ইয়াৰ পৰা গ্ৰাহক লাভান্বিত হ'ব সেই প্ৰচাৰ তুংগত উঠিছে।

অনলাইন ব্যৱসায়তো অফাৰ বাবে বিনামূলীয়াকৈ কিবা এটাৰ লগত আন কিবা এটা দিয়াতো এক প্ৰকাৰৰ নিয়মে হৈ পৰিছে। বহু গ্ৰাহকে এই সময়খিনিৰ বাবে তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী কিনিবলৈ অপেক্ষা কৰে। আন কিছু গ্ৰাহকে অফাৰ দিয়াৰ বাবেই প্ৰয়োজন নাথাকিলেও ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহে দিয়া এই টোপ গিলে।

আজি বজাৰ গ্ৰাহকক কেনেকৈ প্ৰলোভিত কৰিব পাৰি ইয়াৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। সেই প্ৰভাৱ আমাৰ সাধাৰণ দোকানী বা ব্যৱসায়ৰ ক্ষেত্ৰখনতো পৰিছে। এয়া পিকনিকৰ বতৰ। এয়া ন-খোৱাৰ বতৰ।

লগে-ভাগে এসাঁজ খোৱাৰ প্ৰস্তুতি চলে পূৰ্ণদ্যমে। মাংস আৰু মাছৰ বজাৰত বিৰাট ভিৰ।মহানগৰীত যোৱা কিছুদিনত হাঁহৰ বিক্ৰী যথেষ্ঠ বৃদ্ধি পাইছে। হাঁহ বুলি ক'লেই লগত কোমোৰাৰ কথা আহে। হাঁহৰ সৈতে জহা কোমোৰাৰ জুতি খাওতা জনে পাহৰিব নোৱাৰে।

সেয়েহে হাঁহ কিনি কোমোৰা বিচাৰি বজাৰ চলাথ কৰিব লগা হয়। গুৱাহাটীৰ এখন মাংসৰ দোকানত এটা সৰু অথচ গুৰুত্বপূৰ্ণ ব্যৱসায়ীক বুদ্ধি দেখি অভিভূত হ'লো।মাংসৰ দোকানীজনে এগৰাল হাঁহৰ সৈতে কেইবাটাও জহা কোমোৰা লোহাৰ গৰালটোৰ ওপৰত সজাই থৈছে।

হাঁহ কিনা গ্ৰাহকে তেওঁৰ দোকানৰ পৰাই বজাৰলৈ নোযোৱাকৈ কোমোৰাও ক্ৰয় কৰিব যাতে পাৰে তাৰ বাবে এনে কৰা বুলি ভাবিছিল। কিন্তু এই মাংস বিক্ৰেতাজনৰ ব্যৱসায়ীক বুদ্ধি তাতেই শেষ হোৱা নাই।

তেওঁ হাঁহৰ সৈতে অফাৰ ৰূপত এই কোমোৰা ৰাখিছে।এটা হাঁহ কিনা এজন গ্ৰাহকক তেওঁ এক কেজি কোমোৰা ফ্ৰীকৈ দিয়ে। হাঁহৰ আকৃতি অনুসৰি প্ৰতিটো হাঁহত তেওঁ ৬৫০ টকাৰ পৰা ৭০০ টকালৈকে লয়।

এই ব্যৱসায়ীক বুদ্ধিয়ে হেনো তেওঁক কামত দিছে। এই চিজনত হাঁহৰ বিক্ৰী তেওঁৰ তাত প্ৰায় ৩ গুণ বাঢ়িছে এতিয়ালৈকে। ইয়াৰ পূৰ্বে এনে অফাৰ অন্তত মাংসৰ দোকানত দেখা পোৱা নাছিল।

মানুহে যে কিমান ভাবিব পাৰে কথাবোৰ। এজন মাংস বেপাৰী হ'লেও তেওঁৰ চিন্তা আৰু এই ব্যৱসায়ীক বুদ্ধি বহু ৰাষ্ট্ৰীয় কোম্পানীয়ে গ্ৰাহক আকৰ্ষণ কৰিবলৈ লোৱা কৌশলতকৈ কম নহয়। মুঠতে এতিয়া অফাৰ লাগে সকলোকে। অফাৰ নিদিলে গ্ৰাহক নাহে। সেই কথা হাঁহ বিক্ৰী কৰা মাংসৰ দোকানীয়েও বুজি পালে।

Also Read: প্ৰণৱ জ্যোতি ডেকালৈ সাহিত্য অকাডেমী!

business