টুইটাৰৰ নতুন চিইঅ' হ'ব এগৰাকী মহিলা

টুইটাৰৰ নতুন চিইঅ' নাম ঘোষণা কৰিছে ইলন মাস্কে । এগৰাকী মহিলা হ'ব সামাজিক মাধ্যমটোৰ চিইঅ' । এই কথা শুকুৰবাৰে টুইটযোগে উল্লেখ কৰিছে ইলন মাস্কে । ছয় সপ্তাহৰ ভিতৰত নতুন কাৰ্যবাহী বিষয়াগৰাকীয়ে দায়িত্ব ল'ব বুলি উল্লেখ কৰিছে মাস্কে
টুইটাৰৰ নতুন চিইঅ' হ'ব এগৰাকী মহিলা

ডিজিটেল ডেস্কঃ টুইটাৰৰ নতুন চিইঅ' নাম ঘোষণা কৰিছে ইলন মাস্কে । এগৰাকী মহিলা হ'ব সামাজিক মাধ্যমটোৰ চিইঅ' । এই কথা শুকুৰবাৰে টুইটযোগে উল্লেখ কৰিছে ইলন মাস্কে । ছয় সপ্তাহৰ ভিতৰত নতুন কাৰ্যবাহী বিষয়াগৰাকীয়ে দায়িত্ব ল'ব বুলি উল্লেখ কৰিছে মাস্কে।

লিণ্ডা য়াকানিয়ো হ'ব টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া । তদুপৰি টুইটটোত মাস্কে উল্লেখ কৰিছে যে ছয় সপ্তাহৰ ভিতৰতে নতুন কাৰ্যবাহী বিষয়াগৰাকীয়ে দায়িত্বভাৰ গ্ৰহণ কৰিব ।

টুইটাৰ ক্ৰয় কৰি মাস্কে বহুটো সাল-সলনি ঘটাইছে সামাজিক মাধ্যমটোৰ । টুইটাৰৰ ক্ৰয় কৰি মাস্কেই টুইটাৰ চিইঅ' হিচাপে নিজেই দায়িত্ব লৈছিল । লগতে নতুন চিইঅ'ই দায়িত্ব লোৱাৰ পিছত মাস্কে নিজে কি দায়িত্বত থাকিব সেই কথাও জনাইছে । উল্লেখ্য যে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব লোৱা লিণ্ডা য়াকানিয়ো হ'ব প্ৰথমগৰাকী মহিলা চিইঅ' ।

টুইটাৰৰ নতুন চিইঅ' হ'ব এগৰাকী মহিলা
ফাট বিহুত দেহৰক্ষীকো ধুতি পিন্ধালে মুখ্যমন্ত্ৰীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in