ফাট বিহুত দেহৰক্ষীকো ধুতি পিন্ধালে মুখ্যমন্ত্ৰীয়ে...

ঢকুৱাখনাৰ ফাটবিহুৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ দিবলৈ মঞ্চত উঠি দেহৰক্ষীক ধুতি পিন্ধাই দিলে ভাষণ। কোনো মুখ্যমন্ত্ৰীয়ে বিহু অনুষ্ঠানত দেহৰক্ষীক ধুতি পিন্ধোৱাৰ নজিৰ নাই। এয়ে প্ৰথম...

author-image
Asomiya Pratidin
New Update
ফাট বিহুত দেহৰক্ষীকো ধুতি পিন্ধালে মুখ্যমন্ত্ৰীয়ে...

ডিজিটেল ডেস্কঃ ঢকুৱাখনাৰ ফাটবিহুৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ দিবলৈ মঞ্চত উঠি দেহৰক্ষীক ধুতি পিন্ধাই ভাষণ দিয়ে। কোনো মুখ্যমন্ত্ৰীয়ে বিহু অনুষ্ঠানত দেহৰক্ষীক ধুতি পিন্ধোৱাৰ নজিৰ নাই। এয়ে প্ৰথম ।

Advertisment

এয়া মুখ্যমন্ত্ৰীৰ নিৰাপত্তা বেহুৰ ক্ষেত্ৰত প্ৰ'টকলৰ বাহিৰৰ কাৰ্য বুলি পৰিগণিত হ’ব পাৰে নেকি ? সেয়া এক চৰকাৰী বিষয়। কিন্তু প্ৰথমবাৰৰ বাবে জেদ প্লাছ নিৰাপত্তা লাভ কৰা এগৰাকী মুখ্যমন্ত্ৰীয়ে বিহু অনুষ্ঠানত ভাগ ল’বলৈ নিজে ধুতি পিন্ধাৰ উপৰিও খোদ ব্যক্তিগত সহায়কাৰী আৰু দেহৰক্ষী জোৱানক ধুতি পিন্ধাই মঞ্চত থিয় কৰোৱাটো ব্যতিক্ৰমী কাৰ্য ।

ফাট বিহুস্থলীত উপস্থিত ৰাইজেও এনে কাৰ্যৰ বাবে তেওঁক সাধুবাদ দিছে । তদুপৰি বাসুদেৱ থানটো লগত যোৱা সকলক ধুতি পিন্ধাই আশীষ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে।

Also Read: ৰন্ধন গেছৰ জালিয়াতি, চিলাপথাৰত ট্ৰাকসহ চাৰি শতাধিক চিলিণ্ডাৰ জব্দ...

dhakuakhana bihu himanta biswa sarma phato bihu