ভূমিকম্পই হৃদয় গলাইছে কিম জং উনৰ ! ২০ হাজাৰ লোকে প্ৰাণ হেৰুৱালে চিৰিয়া আৰু তুৰস্কত...

ভূমিকম্পই হৃদয় গলাইছে কিম জং উনৰ ! ২০ হাজাৰ লোকে প্ৰাণ হেৰুৱালে চিৰিয়া আৰু তুৰস্কত...
ভূমিকম্পই হৃদয় গলাইছে কিম জং উনৰ ! ২০ হাজাৰ লোকে প্ৰাণ হেৰুৱালে চিৰিয়া আৰু তুৰস্কত...

ডিজিটেল ডেস্কঃ ৰুষ্ট প্ৰকৃতিয়ে তাণ্ডৱ চলোৱা চিৰিয়া আৰু তুৰস্কত অব্যাহত আছে উদ্ধাৰ অভিযান। কেইবাটাও ভূমিকম্পই জোকাৰি যোৱা চিৰিয়া আৰু তুৰস্কত এই পৰ্যন্ত ৮ হাজৰৰো অধিক লোকৰ মৃত্যু হৈছে।

মৃত্যুৰ সংখ্যা যে আৰু অধিক হ'ব সেয়া নিশ্চিত। কিয়নো যিমানেই ধ্বংসস্তূপৰ মাজলৈ উদ্ধাৰকাৰী সোমাই গৈছে সিমানই ধ্বংস্তূপৰ মাজত উদ্ধাৰ হৈছে মৃতদেহ। এতিয়াও যে বহু লোক ধ্বংস্তূপৰ মাজত আৱদ্ধ হৈ আছে সেয়াও নিশ্চিত।

ইফালে উদ্ধাৰ অভিযান তীব্ৰ হোৱাৰ পিছতে আহত লোকৰ সংখ্যাৰে ভৰ্তি হৈছে হাস্পতালসমূহ। এনে এক ভয়াবহ দুৰ্যোগৰ সময়ত অৱশ্যে চিৰিয়া আৰু তুৰস্কলৈ সহায়ৰ হাত আগবঢ়াইছে বিভিন্ন ৰাষ্ট্ৰই।

ভাৰতে উদ্ধাৰকাৰী দলৰ লগতে খাদ্য, সামগ্ৰী প্ৰেৰণ কৰিছে। উদ্ধাৰকাৰীৰ লগত প্ৰেৰণ কৰিছে চিকিৎস কৰ্মীৰ লগতে ৩০ খন বিচনাযুক্ত এখ হাস্পতালৰ সকলো সুবিধা।

উদ্ধাৰ অভিযানত ইফালে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে অন্যান্য প্ৰাকৃতিক কাৰকে। ভূমিকম্পই বিধ্বস্ত কৰা বহু অঞ্চলত আৰম্ভ হৈছে তুষাৰপাত। বতৰৰ বিজুগতিৰ বাবে উদ্ধাৰকাৰীয়ে অৱতৰণ কৰিবলৈ সক্ষম হোৱা নাই হেলিকপ্টাৰ।

ফলত খাদ্য সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰতো সৃষ্টি হৈছে ব্যাঘাত। বিশ্ব স্বাস্থ্য সংস্থাই এই প্ৰাকৃতিক দুৰ্যোগৰ বাবে দুয়োখন দেশৰ প্ৰায় ২০ হাজাৰ লোকৰ মৃত্যু হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে।

ইফালে নিজস্ব কৰ্মকাণ্ডৰে চৰ্চিত হৈ থকা উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনেও এই বিপৰ্যয়ৰ সময়ত চিৰিয়া আৰু তুৰস্কৰ কাষত থিয় দিছে। তেওঁ দুয়োখন ৰাষ্ট্ৰৰ যিসকলে নিজৰ আপোনজনক হেৰুৱালে তেওঁলোকলৈ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ দুয়োখন ৰাষ্ট্ৰলৈ সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে।

ভূমিকম্পই হৃদয় গলাইছে কিম জং উনৰ ! ২০ হাজাৰ লোকে প্ৰাণ হেৰুৱালে চিৰিয়া আৰু তুৰস্কত...
ৰাজ্যিক কৰ্মচাৰীয়ে পাব ৪ দিন ছুটিঃ বঞ্চিত হ'ব শিক্ষক সমাজ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in