/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/b8c32ab1-08b6-4b4f-829d-0a0c21484fa9/teacher_08.jpg)
ৰাজ্যিক কৰ্মচাৰীয়ে পাব ৪ দিন ছুটিঃ বঞ্চিত হ'ব শিক্ষক সমাজ...
ডিজিটেল ডেস্কঃ পূৰ্বৰ সিদ্ধান্ত অনুসৰিয়েই ৰাজ্য চৰকাৰে কৰ্মচাৰীসকললৈ আগবঢ়াইছে বিশেষ সুবিধা। মাতৃ-পিতৃ বন্দনা আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলে লাভ কৰিব ৯ আৰু ১০ ফেব্ৰুৱাৰীত দুদিন ছুটি।
আনহাতে ১১ ফেব্ৰুৱাৰী দ্বিতীয় শনিবাৰ আৰু ১২ ফেব্ৰুৱাৰী দেওবাৰ হোৱাৰ বাবে কৰ্মচাৰীসকলে মুঠ ৪ দিন ছুটি লাভ কৰিব। কিন্তু তাৰ মাজতে ৰাজ্য চৰকাৰৰ অধীনস্থ শিক্ষকসকলৰ মাজত দেখা গৈছে অসন্তুষ্টি।
কিয়নো শিক্ষকসকলে অন্যান্য কৰ্মচাৰীসকলৰ দৰে লাভ নকৰিব ছুটি। মাতৃ-পিতৃ বন্দনা আঁচনিৰ অধীনত শিক্ষকসকলেও দুদিন ছুটি লাভ কৰিব যদিও তেওঁলোকৰ বাবে নাথাকিব দ্বিতীয় শনিবাৰৰ ছুটি।
সেয়েহে শিক্ষকসকমাজৰ মাজত দেখা গৈছে অসন্তুষ্টি। যাৰ বাবে এতিয়া শিক্ষক সমাজে সমমৰ্যাদাৰ দাবী উত্থাপন কৰিছে।সন্মিলিত শিক্ষক মঞ্চই এই সন্দৰ্ভত ৰাজ্যিক শিক্ষা সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে।
উল্লেখ্যে যে অন্য কৰ্মচাৰীৰ দৰে মুঠ ৪ দিন ছুটি লাভ নকৰিলে বহু সংখ্যক শিক্ষকে মাতৃ-পিতৃ বন্দনা আঁচনিৰ সুবিধা লাভ নকৰিব। কিয়নো টেটৰ জৰিয়তে শিক্ষক হিচাপে যোগদান কৰা বহু শিক্ষকেই অন্য জিলাত কৰ্মৰত।
গতিকে এইসকল শিক্ষকে কিদৰে এই আঁচনিৰ সুবিধা ল'ব সেয়া চিন্তাৰ বিষয়। সেয়েহে এতিয়া শিক্ষকসকলকো দ্বিতীয় শনিবাৰে ছুটি দিয় সমমৰ্যাদা দিয়াৰ দাবী উত্থাপন হৈছে।
Also Read: কুঁৱলি নহয়, প্ৰদূষিতে বায়ুৱে আৱৰি ধৰিছে গুৱাহাটীঃ উশাহ ল'বলৈও ভয়...