এটাৰ পাছত আনটো ভূমিকম্পই কপাই গৈছে তুৰস্ক

দুদিনত ৪ টাকৈ ভূমিকম্পত নিহতৰ সংখ্যা বৃদ্ধি পালে ৪ হেজাৰলৈকে
এটাৰ পাছত আনটো ভূমিকম্পই কপাই গৈছে তুৰস্ক

ডিজিটেল ডেস্ক : প্ৰকৃতিৰ ৰোষত পৰিছে তুৰস্ক । এটাৰ পাছত আনটো ভূমিকম্পই এফালৰ পৰা ধ্বংসলীলা চলাইছে ৰাষ্ট্ৰখনত । ২৪ ঘন্টাৰ ভিতৰতেই চাৰিটাকৈ ডাঙৰ ভূমিকম্পৰ ফলত তুৰস্ক এতিয়া হৈ পৰিছে ধ্বংসস্তূপ । ২০২১ চনৰ পৰা বৰ্তমানলৈকে অহা সৰ্ববৃহৎ ভূমিকম্পৰূপে পৰিচিত হ'ল তুৰস্কৰ ৭.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্প । তাৰ পাছতেই একাদিক্ৰমে আহিল আন তিনিটা ভূমিকম্প । এই ভূমিকম্পত নিমিষতে ধূলিৰ সৈতে মিলিত হৈ গ'ল ৬২০০ তকৈ অধিক অট্টালিকা । যাৰ ফলত বৰ্তমানলৈকে ৪ হেজাৰ লোক নিহত হোৱা বুলি জানিব পৰা গৈছে । অনাগত সময়ত উদ্ধাৰ অভিযানৰ সৈতেই এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা বহু বেছি ।

এনে এক দু:সহ সময়ত তুৰস্কৰ কাষত থিয় দিছে ভাৰতে । ইতিমধ্যে তুৰস্কলৈ পঠিওৱা হ'ল সাহায্য সহিতে কেইবাখনো বায়ু সেনাৰ বিমান । এই বিমান কেইখনত আছে উদ্ধাৰকাৰীৰ দল, প্ৰশিক্ষিত স্নীফাৰ ড'গ, প্ৰয়োজনীয় ৰেচন, মাটি খন্দা মেছিন আৰু ঔষধ । পুৱা ৫ বজাত তুৰস্কত উপস্থিত হ'ল উদ্ধাৰকাৰীৰ প্ৰথম দলটো । পৰৱৰ্তী সময়ত এই সহায়ৰ পৰিমাণ আৰু বৃদ্ধি কৰিব ভাৰতে । উল্লেখ্য যে, নেপালৰ বিধ্বংসী ভূমিকম্পৰ সময়তো নেপালৰ কাষত থিয় হোৱা প্ৰথম ৰাষ্ট্ৰ আছিল ভাৰত ।

উল্লেখ্য যে, এই সন্দৰ্ভত তুৰস্কৰ ৰাষ্ট্ৰপতি তায়্য়িপ এৰ্ড'গানে সংবাদ মাধ্যমৰ সন্মুখত দিয়া মন্তব্য অনুসৰি, ৪৫ খনকৈ দেশে ইতিমধ্যে সহায় আগবঢ়াইছে তুৰস্কলৈ ।

আনহাতে, এতিয়ালৈ প্ৰায় ১৫ হেজাৰ লোকক উদ্ধাৰ কৰা হৈছে দুৰ্যোগস্থলীৰ পৰা । এই পৰিসংখ্যাও ভৱিষ্যতলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা অধিক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in